Heroin Seized in Lakhimi nagar:
গুৱাহাটী মহানগৰী শেহতীয়াকৈ ড্ৰাগছ সৰবৰাহকাৰীৰ বাবে হৈ পৰিছে কৰিডৰ ৷ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰস্থিতি লৈ অহাৰ মাজতে হাতীগাঁও লখিমী নগৰত ২৫ পেকেট হেৰ’ইন জব্দ ৷
বিশেষ খবৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে লখিমীনগৰ পুলিচ পইন্টত এখন চুইফট ডিজায়াৰ বাহনত অৰ্তকিতে তালাচী চলাই প্ৰায় ৭ পেকেট হেৰ’ইন জব্দ ৷ আনহাতে বাহন খনৰ চালক চাজু ৰহমান নামৰ ড্ৰাগছ সৰবৰাহকাৰীক স্বীকাৰোক্তি ভিত্তিত হাতীগাঁৱৰ বাহিনী হোটেলৰ এটা কোঠাত তালাচী চলাই আন ১৮ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ আটকাধীন চাজু ৰহমানে হেৰ’ইন খিনি সৰবৰাহ কৰিবৰ বাবে হোটেল খনত বাহন পাতি আছিল। তেওঁৰ ঘৰ কাছাৰৰ ধলাইত ৷ জব্দকৃত হেৰ’ইন খিনিৰ মূল্য ৩ কোটি ৫০ লাখ টকা হ’ব অনুমান কৰিছে আৰক্ষীয়ে ৷
