Rongmahal:উত্তৰ গুৱাহাটীৰ ৰংমহলত অচিৰেই আৰম্ভ হ’ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনৰ নিৰ্মাণ কাৰ্য

ডিচেম্বৰতে মুখ্য ন্যায়াধীশৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে কৰিব আধাৰশিলা

rangmahal

Rongmahal:

গুৱাহাটী উচ্চ ন্যায়ালয় বৰ্তমানৰ স্থানৰ পৰা উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰিত সন্দৰ্ভত গুৱাহাটী বাৰ কাইন্সিল প্ৰতিবাদমুখৰ হৈ থকাৰ মাজতে চলিত মাহতে নতুন ভৱনৰ আধাৰশিলা আৰু ভূমি পূজনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৰাজ্য চৰকাৰে ৷

উল্লেখ্য যে উত্তৰ গুৱাহাটীৰ ৰংমহলত প্ৰায় ১২৯ বিঘা ভূমিত নিৰ্মাণ হ’ব গুৱাহাটী উচ্চ ন্যায়ালয় ভৱন ৷ ইতিমধ্যে ৰাজ্য চৰকাৰে নিৰ্মাণৰ ব্যয়ৰ বাবে মুকলি কৰিছে তিনি শতাধিক কোটিৰো অধিক ধন ৷

দিছপুৰৰ এক উচ্চস্তৰীয় সুত্ৰ এটাই জানিব দিয়া মতে চলিত মাহতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ উপস্থিতিত ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

Exit mobile version