কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

IMG 20251207 135114

Aryan Khan:✒️তেওঁৰ ৱেব ছিৰিজে প্ৰচুৰ জনপ্রিয়তা লাভ কৰিছে; কিন্তু সাফল্যৰ পাছতো মুখত হাঁহি নাই আৰিয়ান খানৰ। কেমেৰামেনৰ সন্মুখত এতিয়াও গম্ভীৰ মুখ লৈয়েই থিয় দিয়ে শ্বাহৰুখ খানৰ পুত্রই। অৱশ্যে ইয়াৰ নেপথ্যত আছে বিশেষ কাৰণ। সেই কাৰণ সম্প্রতি পোহৰলৈ আনিলে আৰিয়ান পৰিচালিত ‘দ্য বেডছ অৱ বলিউদ’ৰ অভিনেত্রী মোনা সিঙে।

ছবিৰ ছেটত হেনো আৰিয়ান যথেষ্ট হাঁহিমুখত থাকে। প্রত্যেক অভিনেতাৰ স’তে মিলা-মিছাকৈ থাকিবলৈ ভাল পায়। অথচ কেমেৰাৰ সম্মুখলৈ আহিলেই তেওঁ সলনি হৈ পৰে কিয়?

এক সাক্ষাৎকাৰত এই প্রসংগত মোনাই কয়, ‘আমি ‘দ্য বেডছ অৱ বলিউদ’ৰ এক বিশেষ প্রদর্শনীত অনেক চেষ্টা কৰিছিলো, যাতে কেমেৰাৰ সন্মুখত তেওঁ অলপ হাঁহে; কিন্তু তেওঁ সেইদিনাও নাহাঁহিলে। এয়া সম্পূর্ণ তেওঁৰ সিদ্ধান্ত। তেওঁ নিশ্চয় কেমেৰাৰ সন্মুখত বিশেষ এক ভাৱমূর্তি ধৰি ৰাখিব বিচাৰে। সেয়া ঠিকেই আছে।’

অৱশ্যে শুটিং স্থলীত আৰিয়ানৰ উপস্থিতি সন্দর্ভত মোনাই কয়, ‘তেওঁ অত্যন্ত মিঠা। শিশুৰ দৰেই। তেওঁৰ মুখত সকলো সময়তে হাঁহি থাকে। নানা ধেমেলিয়া কথা কয় আৰু হাঁহি-স্ফূর্তি কৰে। প্ৰতিটো বিষয়ক লৈ উচ্ছ্বসিত হৈ থাকে। ছেটত যাতে প্রত্যেক অভিনেতাই স্বাচ্ছন্দ্যবোধ কৰে, তাৰ প্রতি সকলো সময়তে চেষ্টা কৰি থাকে। তেওঁৰ কামৰ ছেটত সকলো আনন্দত থাকে।’

মোনাই কয় যে অভিনেতারূপেও আৰিয়ান যথেষ্ট ভাল। প্রত্যেকটো চৰিত্ৰ তেওঁ নিজে অভিনয় কৰি দেখুৱাই দিয়ে। লগতে হেনো শ্বাহৰুখ-পুত্ৰৰ ৰসবোধো ভাল। উল্লেখ্য যে ‘দ্য বেডছ অর বলিউদ’ আৰিয়ানৰ প্ৰথম পৰিচালনা। এই ছিৰিজত মোনা সিঙৰ উপৰি অভিনয় কৰিছে ববী দেউল, মনোজ পাহৱা, লক্ষ্য, ৰাঘৱ জুয়াল আদিয়ে।

Exit mobile version