আজি আবেলি উৰিষ্যাৰ দুজন সৰবৰাহকাৰীয়ে এখন নকল সোণৰ নাওঁ বিক্ৰী কৰি থকা অৱস্থাত সৰভোগ আৰক্ষীয়ে ৰাইজৰ সহায়ত আটক কৰে চাৰি সৰবৰাহকাৰীক।
ADVERTISEMENT
তথ্য অনুসৰি, উৰিষ্যাৰ কন্ধামল জিলাৰ বিলামলা গাঁৱৰ চানুৰা অমৰচেট আৰু ৰায়াগড়া জিলাৰ ৰঘুবাৰী গাঁৱৰ খাট্টু সোনা নামৰ সৰবৰাহকাৰী দুজনৰ সৈতে বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত গোলাপাৰা গাঁৱৰ ইনজামুল হক আৰু আকিনুৰ ইছলামক কৰায়ত্ত কৰে।
সৰভোগৰ ফেহুৰাখোৱা গাঁৱত নাওঁখনৰ দৰ-দাম কৰি থকাৰ সময়তে ৰাইজৰ সহযোগত সৰভোগ আৰক্ষীয়ে চাৰি সৰবৰাহকাৰীৰ লগতে এখন নকল সোণৰ নাওঁ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
সৰভোগ আৰক্ষীয়ে ইতিমধ্যে নকল সোণৰ সৰবৰাহকাৰী চাৰিজনক সোধপোচ অব্যাহত ৰাখিছে।































