Smriti Mandhana:✒️জল্পনা-কল্পনাৰ অন্ত পৰিল। সুৰকাৰ পলাশ মুচলৰ স’তে বিবাহৰ অন্ত পেলাইছে স্মৃতি মান্ধনাই। বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰগৰাকীয়ে নিজেই এই সিদ্ধান্ত ছ’চিয়েল মিডিয়াত ঘোষণা কৰে।
উল্লেখ্য যে,কেবাদিনো ধৰি তেওঁলোকৰ বিবাহক লৈ সামাজিক মাধ্যমত চলি আছিল জল্পনা-কল্পনা ।
বিয়াৰ দিনা দুপৰীয়া হঠাতে মান্ধনাৰ পিতৃ অসুস্থ হৈ পৰাত প্ৰথমে বিবাহ অনুষ্ঠান পিছুৱাই দিয়া হৈছিল। শেষত বিয়াখন বাতিল কৰা হ’ল।
মান্ধনাই ছ’চিয়েল মিডিয়াত লিখিছে, “যোৱা কেইসপ্তাহমানৰ পৰা মোৰ জীৱনক লৈ বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। এই সময়ত মই মাত মতাটো গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰিছো। মই অতি ব্যক্তিগত প্ৰকৃতিৰ। মই তেনেকৈয়ে থাকিব বিচাৰো। কিন্তু মই স্পষ্টকৈ ক’ব লাগিব যে বিয়াখন বাতিল কৰা হৈছে। মই এই বিষয়টো ইয়াতেই শেষ কৰিব বিচাৰো আৰু আপোনালোক সকলোকে একেই অনুৰোধ কৰিছো।”
লগতে তেওঁ লিখিছে, “মই অনুৰোধ কৰিছো যে আপোনালোকে এই সময়ত দুয়োটা পৰিয়ালৰ গোপনীয়তাক সন্মান কৰক আৰু আমাক নিজৰ গতিৰে আগবাঢ়ি যাবলৈ অনুমতি দিয়ক।মোৰ বিশ্বাস আমাৰ সকলোৰে এটা উচ্চ উদ্দেশ্য আছে আৰু মই সদায় দেশক উচ্চতম পৰ্যায়ত প্ৰতিনিধিত্ব কৰি আহিছো। মই আশা কৰো যিমান দূৰ সম্ভৱ মই ভাৰতৰ হৈ খেলি থাকিম আৰু ট্ৰফী জিকিম ।সেইটোৱেই হ’ব মোৰ কেন্দ্ৰবিন্দু। সকলোকে আপোনালোকৰ সহায়ৰ বাবে ধন্যবাদ। আগবাঢ়ি যোৱাৰ সময় আহি পৰিছে।”






























