Apple I phone:✒️কৃত্রিম বুদ্ধিমত্তা (এআই) এতিয়া কেৱল চেটবটতে সীমিত হৈ থকা নাই। টিক্টকৰ অভিভাৱক সংস্থা বাইটডান্স-এ এইবাৰ কৃত্রিম বুদ্ধিমত্তা চালিত ম’বাইল ফোন তৈয়াৰ কৰিলে।
এই এআই ফোন স্পর্শ নকৰাকৈ ব্যৱহাৰকাৰীয়ে কেৱল কণ্ঠৰে চলাব পাৰিব। বাইটডান্সে এআই ফোনৰ এক মডেল প্রদর্শন কৰিছে।
সংস্থাটোৱে দাবী কৰা অনুসৰি এইটো হৈছে ভৱিষ্যতৰ ম’বাইল ফোন। কৃত্রিম বুদ্ধিমত্তাৰে পৰিচালিত এই ফোনত এপ স্বয়ংক্রিয়ভাৱে কণ্ঠৰ জৰিয়তে খোল খাব।
ফোনকল, মেছেজ আৰু অন্যান্য বেছিক ফাংচন এআয়ে পৰিচালনা কৰিব। এই ফোনত ব্যৱহাৰকাৰীয়ে আঙুলিৰে স্পৰ্শ কৰাৰ বা ছোৱাইপ কৰাৰ প্ৰয়োজন নহ’ব।
ভইচ কমাণ্ডৰ জৰিয়তে ফোনটো ব্যৱহাৰ কৰিব পাৰিব। বাইটডান্সে অৱশ্যে এআই ফোনটো এতিয়াও বজাৰত মুকলি কৰা নাই।






























