IndiGo:✒️এসপ্তাহত অসংখ্য বিমান বাতিল ! মঙলবাৰে পুৱাও বাতিল হয় দেশৰ ব্যক্তিগত বিমান সংস্থা ইণ্ডিগ’ৰ ২০০খন বিমান ।
সেই ঘটনাৰ পৰা শিক্ষা লৈ ছয়খন বিমান সংস্থাই দ্ৰুতগতিত প্ৰায় ১৪ হেজাৰ পাইলট নিযুক্তি দিয়ে। সোমবাৰে সংসদত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ ৰাজ্যিক মন্ত্ৰী মুৰলীধৰ মোহলে জনায় এই কথা।
দুৰ্যোগৰ অষ্টম দিন অৰ্থাৎ মঙলবাৰে পুৱা ১০ বজালৈকে ইণ্ডিগ’ৰ ২০০ৰো অধিক বিমান বাতিল কৰা হৈছে। ইয়াৰে বেংগালুৰু বিমানবন্দৰত ১২১খন, হায়দৰাবাদত ৫৮খন, চেন্নাইত ৪১খন, আহমেদাবাদত ১৬খন আৰু তিৰুৱনন্তপুৰমত ৪খন বিমান বাতিল কৰা হৈছে।
সোমবাৰে নিশালৈ ইণ্ডিগ’ই ৪৫০০ যাত্ৰীৰ লাগেজ আৰু টিকটৰ ভাড়া বাবদ ৮২৭ কোটি টকাৰ ভাড়া ঘূৰাই দিছে। বাকী যাত্ৰীসকলক শীঘ্ৰে ধন ঘূৰাই দিয়া হ’ব।
সোমবাৰে ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত বিমান পৰিবহণ ৰাজ্যিক মন্ত্ৰী মুৰলীধৰে কয় যে ইণ্ডিগ’ৰ ঘটনাৰ পৰা শিক্ষা লাভ কৰি দেশৰ ছয়টা বৃহৎ অভ্যন্তৰীণ বিমান সংস্থাই ইতিমধ্যে ১৩,৯৮৯জন পাইলট নিযুক্তি দিছে।
বিমান পৰিবহণ ৰাজ্যিক মন্ত্ৰীয়ে দিয়া তথ্য অনুসৰি এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত ক্ৰমে ৬,৩৫০ আৰু ১৫৯২ লোকক নিযুক্তি দিয়া হৈছে। ইণ্ডিগোৱেও ৫০৮৫ জন লোকক নিযুক্তি দিছে। ইয়াৰ উপৰিও আকাশ এয়াৰত ৪৬৬জন আৰু স্পাইচজেটত ৩৮৫জন পাইলট নিযুক্তি দিয়া হৈছে।চৰকাৰী এলায়েন্স এয়াৰে নিযুক্তি দিছে ১১১জন পাইলট।
মুৰলীধৰে লগতে কয় যে বিমান প্ৰশিক্ষণ কোম্পানীসমূহে সময়ে সময়ে নিয়মীয়া প্ৰশিক্ষণৰ জৰিয়তে নিজৰ বহৰ উন্নত কৰাৰ চেষ্টা চলাইছে।
নৱেম্বৰ পৰ্যন্ত ৬১খন নতুন প্ৰশিক্ষণ বিমান উৰণৰ বাবে অনুমোদনৰ ছীলমোহৰ দিছে ডি জি চি এয়ে। কেৱল সেয়াই নহয়, অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰকে এই বছৰ দুটা নতুন বিমান প্ৰশিক্ষণ কেন্দ্ৰৰ বাবেও অনুমোদন জনাইছে।
বৰ্তমান ভাৰতত মুঠ ৬২টা ঘাটি আছে য’ত ৪০টা বিমান প্ৰশিক্ষণ কেন্দ্ৰ আছে।






























