চুবুৰি, গলি আদিত নৈশ প্ৰহৰীৰূপে পথৰ কুকুৰবোৰৰ কোনো তুলনাই নাই। দিনটো কিবাকৈ পাৰ কৰিলেও নিশা গভীৰ হোৱাৰ লগে লগে হকে-বিহকে চিৎকাৰ কৰি সমস্ত অঞ্চলটো সৰৱ কৰি ৰখাটোৱেই এই পথৰ কুকুৰবোৰৰ যেন নিত্য-নৈমিত্তিক কাম। কিছু ব্যতিক্রমী চুবুৰি হয়তো থাকিব পাৰে; কিন্তু চহৰৰ পৰা মফচল পর্যন্ত এই ছবিখনেই প্রায় পৰিচিত।
অচিন কাৰোবাক দেখাৰ লগে লগে এনেদৰে ভুগিবলৈ আৰম্ভ কৰে যে সেই ব্যক্তিৰ অসাধু কাৰ্যৰ উদ্দেশ্য পণ্ড হোৱাটো একেবাৰে নিশ্চিত। আনহাতে, পোহনীয়া কুকুৰ হ’লেতো কথাই নাই। নীৰৱ নিশা সামান্য শব্দ শুনিলেই সিহঁতে ভুকি ভুকি গৰাকীক সতৰ্ক কৰি দিয়ে। প্রশ্ন হয় যে কুকুৰে দিনত শুই থাকে কাৰণেই বাৰু নিশা সাৰে থাকে নেকি?
এনে কোনো তথ্য বা বাস্তব ছবি অৱশ্যে চকুত নপৰে। অৱশ্যে হাংগেৰীৰ একাডেমী অব ছায়েন্সৰ গৱেষণাই কিন্তু সম্প্রতি একেবাৰে চমকপ্রদ এক তথ্য পোহৰলৈ আনিছে।
গৱেষণাত কোৱা হৈছে যে নিশা উজাগৰে থকাৰ বিষয়ত মানুহৰ স’তে কুকুৰৰ বিস্তৰ মিল আছে। শুনিবলৈ আচৰিত যেন লাগিলেও গৱেষণাৰ ফলাফল অনুসৰি, কুকুৰবোৰে হেনো নিশা সাৰে থাকি নিজৰ মাজতে থকা সমস্যাবোৰৰ কথা চিন্তা কৰে।
নীৰৱে শুই থাকে ঠিকেই, প্রায় তন্দ্রাচ্ছন্নভাৱে ; কিন্তু সিহঁতৰ মস্তিষ্ক সকলো সময়তে জাগ্রত হৈ থাকে। দিনৰ পাছত নিশাৰ সময়খিনি সিহঁতৰ চিন্তা কৰাৰ সময়। কি কি সমস্যা, কোন পথৰে সমাধান কৰিব পাৰি, সেইবোৰেই হেনো কুকুৰবোৰে নিশাৰ নীৰৱতাত চিন্তা কৰি থাকে।
সেয়ে তেনে অৱস্থাত বাহিৰৰ পৰা কোনো শব্দ বা আন কাৰো উপস্থিতিৰ উমান পোৱা মাত্রকে প্রতিক্রিয়া প্রকাশ কৰিবলৈ সিহঁতে একবিন্দুও সময় নষ্ট নকৰে। নিশা সাৰে থাকি ইমান কি চিন্তা কৰে কুকুৰে? গৱেষকসকলে জনাইছে যে সমগ্র দিনটো কিদৰে অতিবাহিত হ’ল, তাক লৈয়ে কুকুৰবোৰে অত্যন্ত চিন্তা-চৰ্চা কৰি থাকে।
আৱেগপ্ৰৱণ হৈ উঠে সিহঁত। যেনে কাৰোবাৰ পৰা গালি খাইছিল নেকি, কিবা বস্তু দেখি উত্তেজিত হৈ পৰিছিল নেকি, সমগ্র দিনটোত কিমান অকলশৰীয়া অনুভৱ কৰিলে, সেইবোৰকে হেনো চিন্তা কৰি থাকে।
গৱেষণাত লগতে দেখা গৈছে যে কুকুৰবোৰ কেতিয়াবা কেতিয়াবা কিছু বেছিকৈয়ে চিন্তিত হৈ পৰে। তেতিয়াই সিহঁতে সৰুকৈ মাত দিয়ে বা ভুকিবলৈ ধৰে বা গেঙনি মাৰে।
সিবোৰৰ নিজস্ব ভাষা যিসকলে বুজিব পাৰে, তেওঁলোকে জানে যে সেইবোৰ সাধাৰণ ভুকভুকনি বা মাত নহয়। সেয়া সিহঁতৰ চিন্তা-ভাৱনাৰে বহিঃপ্রকাশ। যেনেকৈ মানুহেও কেতিয়াবা কিবা এটা চিন্তা কৰি কৰি কিছু কিছু শব্দ প্রকাশ কৰি দিয়ে।
এইবোৰ ভাৱনাৰ মাজতে যদি কোনো পৰিচিত মুখ দেখা পায়, তেতিয়াই কুকুৰবোৰ অত্যন্ত উচ্ছ্বসিত হৈ পৰে। হৃদয়ৰ সমস্ত আবেগ উজাৰি দি দৌৰি যায় সেই পৰিচিত লোকজনৰ কাষলৈ। এই ক্ষেত্ৰত সিহঁতৰ মানুহৰ স’তে অনেক মিল আছে বুলিও গৱেষকসকলে মন্তব্য কৰিছে।






























