Guwahati Artificial Flood:
মহানগৰীৰ সদাব্যস্ত এবিচিত কৃত্ৰিম বান ৷ পানীৰ পাইপ ফাটি ওলাইছে পানী ৷ অপচয় হাজাৰ হাজাৰ লিটাৰ পানী। যিটো সময়ত মহানগৰীৰ অধিকাংশ অঞ্চলৰ লোকে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হয় ৷ কিনিব লগীয়া হয় দৈনিক খোৱা পানী ৷ ইয়াৰ বিপৰীতে জলবৰ্ডৰ কাণ্ডজ্ঞানহীনতাৰ বাবে এইদৰে মহানগৰীৰ য’তে ত’তে পানীৰ পাইপ ফুটি লিটাৰে লিটাৰে অপচয় হৈ আহিছে পানী।
উল্লেখ্য যে জলবৰ্ডৰ নিম্নকামৰ বাবে মহানগৰীৰ প্ৰায়বোৰ অঞ্চলত পানীৰ পাইপ ফুটি পানী ওলাই অহা ঘটনা এতিয়া নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷ স্থায়ী সমাধান আজিকোপতি হৈ উঠাত নাই ৷ আনহাতে বিয়াগোম গুৱাহাটী পৌৰ নিগমো কুম্ভকৰ্ণ নিদ্ৰাত ৷
উল্লেখ কৰিব পাৰি যে পানীৰ পৰিবাহী পাইপ থকা স্থানত জিএম চিৰ অধীনস্থ পথ সমূহত যিকোনো সময়ত ব্লকৰ ৰাষ্টা নিৰ্মাণ কৰাৰ সময়তো পাইপ ফুটি পানী ওলাই অহা ঘটনা সঘনাই অব্যাহত আছে ৷ এইদৰে পানী অপচয় হৈ আহিছে গুৱাহাটীত ৷ এনেক্ষেত্ৰত মহানগৰীৰ সচেতন মহলে য’তে ত’তে খোৱা পানীৰ বঢ়োৱাৰ ক্ষেত্ৰত এক স্থায়ী কংক্ৰিট ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলবৰ্ড আৰু জিএমচিৰ প্ৰতি আহ্বান জনাইছে ৷