Delhi High Court:✒️বিগত এসপ্তাহ ধৰি বিমানত ব্যাঘাত জন্মিছে যাত্ৰীসকলৰ। ইয়াৰ আঁৰৰ কাৰণ হৈছে বিমান সংস্থা ইণ্ডিগ’ৰ অপব্যৱস্থাপনা। এইবাৰ এই ঘটনা সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন হৈছে কেন্দ্ৰীয় চৰকাৰ।
ইণ্ডিগ’ দুৰ্যোগৰ মাজতে আন বিমান সংস্থাসমূহে ৪০ হেজাৰ টকা পৰ্যন্ত ভাড়া বৃদ্ধি কৰিছে ।কেন্দ্ৰৰ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাক লৈ আদালতে প্ৰশ্ন উত্থাপন কৰে। দিল্লী উচ্চ ন্যায়ালয়েও সামগ্ৰিক পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে।
ভাৰতৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ই দিনটোত গড়ে ২২০০ বিমান চলাচল কৰে।যদিও বিগত কিছুদিনত বিমান সংস্থাটোৱে শ শ বিমান যাত্ৰা বাতিল কৰিছে, তথাপিও ইয়াৰ আঁৰৰ কাৰণ হৈছে পাইলটৰ বাবে পৰ্যাপ্ত জিৰণি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা।
কিন্তু ইণ্ডিগ’ৰ বিমান বাতিলৰ বাবে যাত্ৰীসকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। তাৰ সুযোগ লৈ আন বিমান সংস্থাই টিকটৰ দাম বৃদ্ধি কৰিছে। ফলত যাত্ৰীসকলে অধিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।
ন্যায়াধীশ গেডেলাৰৰ দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে এই পৰিস্থিতিক ‘সংকট’ বুলি অভিহিত কৰিছে।
শুনানিৰ সময়ত ন্যায়াধীশে প্ৰশ্ন কৰে যে, “যদিও কোনো সংকটৰ সৃষ্টি হয় ,তেনেহ’লে অন্য বিমান সংস্থাসমূহক কেনেকৈ সুবিধা লোৱাৰ অনুমতি দিব পাৰে?”
“কেনেকৈ বিমান ভাড়া ৩৫-৪০ হেজাৰলৈ বৃদ্ধি পাব পাৰে? এইটো কেনেকৈ হ’ব পাৰে?” দুৰ্যোগৰ স’তে মোকাবিলা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰৰ ভূমিকাক প্ৰশংসা কৰাৰ সমান্তৰালকৈ কিয় এনে পৰিস্থিতিৰ সৃষ্টি হৈছে তাক লৈও প্ৰশ্ন উত্থাপন কৰে আদালতে।






























