Maoist:✒️নাম্বালা কেশৱ ৰাৱৰ পৰা মাধবী হিডমালৈ-চলিত বর্ষতে নিষিদ্ধ মাওবাদীয়ে হেৰুৱালে সংগঠনটোৰ কেন্দ্ৰীয় নেতা তথা পলিটব্যুৰ’ৰ ১৪ জনকৈ সদস্য। আজি লোকসভাত কেন্দ্রীয় গৃহ মন্ত্রণালয়ে এই তথ্য প্ৰকাশ কৰি দোহাৰে যে দেশৰ পৰা ‘বাওঁ সন্ত্রাসবাদ’ নির্মূল কৰিবলৈ লোৱা স্থিতিত অটল হৈ আছে মোদী চৰকাৰ।
উল্লেখ্য যে মোদী চৰকাৰে ২০২৬ৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা মাওবাদ নির্মূলৰ লক্ষ্য লোৱাৰ কথা পূর্বে প্রকাশ কৰে। সেই অনুসৰি নিৰাপত্তা বাহিনীয়ে মাওবাদী অধ্যুষিত ৰাজ্যসমূহত অভিযান তীব্ৰতৰ কৰি তুলিছে। এই অভিযানত বিগত সময়ত চিপিআই (মাওবাদী)য়ে বৃহৎ সংখ্যক নেতা-কর্মীক হেৰুৱায়।
কালি লোকসভাত কেন্দ্ৰীয় গৃহ-ৰাজ্য মন্ত্রী নিত্যানন্দ ৰায়ে তথ্য প্রকাশ কৰে যে চলিত বর্ষতে নিৰাপত্তা বাহিনীৰ হাতত চিপিআই (মাওবাদী)ৰ ১৪ কেন্দ্রীয় নেতা তথা পলিটব্যুৰ’ৰ সদস্য ধৰাশায়ী হয়। এইসকলৰ অন্যতম হ’ল মাওবাদীৰ সাধাৰণ সম্পাদক নাম্বালা কেশৱ ৰাও ওৰফে বাসৱ ৰাজু ওৰফে গগন্না, পলিটব্যুৰ’ৰ সদস্য ৰামচন্দ্ৰ ৰেড্ডী ওৰফে চলপতি, তেওঁৰ পত্নী ৰবি ভেংকটা লক্ষ্মী চৈতন্য ওৰফে অৰুণা, নৰসিংহচলম ওৰফে সুধাকৰ, টেক শংকৰ আৰু মাওবাদীৰ গেৰিলা বাহিনী পিএলজিএৰ মুৰব্বী মাধৱী হিডমা। এইসকল নেতা-কর্মীয়ে চত্তিছগড়ৰ বাষ্টাৰ অঞ্চলত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত প্ৰাণ হেৰুৱায়।
কালি সদনত ৰায়ে লগতে কয় যে সশস্ত্র মাওবাদী উপদ্রুত জিলাৰ সংখ্যা ২০১৮ৰ এপ্রিলত ১২৬ খন আছিল। ২০২১ৰ জুলাইত এনে জিলাৰ সংখ্যা ৯০ খনলৈ হ্রাস পায়। ২০২৪ত এই সংখ্যা ৭০ খনলৈ আৰু চলিত বৰ্ষৰ ৩০ এপ্ৰিলত ৩৮ খনলৈ হ্রাস পায়। এই ধাৰা অব্যাহত থাকি চলিত বৰ্ষৰ ৩১ অক্টোবৰত ১১ খনলৈ নামে। প্রধানমন্ত্ৰীৰ নেতৃত্বত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সফল পৰিচালনাত বাওঁ সন্ত্রাসবাদ ২০২৬ৰ মাৰ্চৰ ভিতৰত নিঃশেষ কৰা হ’ব।’
আনহাতে, কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ এক সূত্রই জনোৱা মতে বিগত এবছৰ ধৰি নিৰাপত্তা বাহিনীৰ সংঘবদ্ধ অভিযান অব্যাহত থকাত ‘ৰেড কৰিড’ৰ’ত মাওবাদীৰ সংখ্যা দুশলৈ হ্রাস পাইছে। এই দুশ মাওবাদীৰ তালিকাত সংগঠনটোৰ সাধাৰণ সম্পাদক থিপৰি তিৰুপতি বা দেৱজি আৰু গেৰিলা বাহিনী পিএলজিএৰ মুৰব্বী বি দেবাও আছে। আনহাতে ২০২৪ৰ পৰা মাওবাদীৰ আক্ৰমণৰ ঘটনাও ৮১ শতাংশ হ্রাস পাইছে।
লোকসভাত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী ৰায়ে এই সম্পৰ্কত আৰু কয়, ‘২০০৪ৰ পৰা ২০১৪ৰ মে’ পর্যন্ত মাওবাদীৰ আক্রমণত ৬,৫০৮ জন নিহত হয়। এইসকলৰ মাজত ৪,৬৮৪ জন সাধাৰণ লোক আৰু ১,৮২৪ জন নিৰাপত্তাৰক্ষী আছিল।’
পৰৱৰ্তী দশকত মাওবাদীৰ আক্ৰমণত ২০১৫ৰ পৰা চলিত বছৰৰ মে’ পর্যন্ত মৃত্যুৰ সংখ্যা ৭১ শতাংশ হ্রাস পাই ১,৮৬৮ জন হয়। এইসকলৰ মাজত ১,৪০৪ জন সাধাৰণ নাগৰিক আৰু ৪৬৪ জন নিৰাপত্তাৰক্ষী আছে। চলিত বছৰৰ মে’ৰ পৰা নৱেম্বৰলৈ মাওবাদীৰ আক্রমণত ৪৪ জন লোকে প্রাণ হেৰুৱায় বুলি ৰায়ে সদনত প্রকাশ কৰে।






























