Plane crash:✒️আমেৰিকাৰ ফ্ল’ৰিডাত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। যান্ত্ৰিক সমস্যাৰ বাবে জৰুৰীকালীন অৱতৰণৰ সময়ত এখন গাড়ীৰ স’তে সংঘৰ্ষ হয় বিমানৰ।
এই ঘটনাত বিমানখনৰ পাইলট আৰু যাত্ৰীসকল নিৰাপদ আছিল যদিও গাড়ীৰ চালকজন গুৰুতৰভাবে আহত হয়।
তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সমগ্ৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।
সোমবাৰে এই ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে বিমান সংস্থাটোৱে। সৰু ইঞ্জিনযুক্ত বিচক্ৰাফ্ট ৫৫ বেৰন বিমানখন উৰণৰ কিছু সময়ৰ পাছতে যান্ত্ৰিক সমস্যাৰ সৃষ্টি হয়, যাৰ ফলত পাইলটে জৰুৰীকালীন অৱতৰণ কৰিবলৈ বাধ্য হয়।
বিমানখন ফ্ল’ৰিডাৰ ৰাষ্ট্ৰীয় ঘাইপথত থকাৰ বাবেই তাতে অৱতৰণ কৰাৰ সিদ্ধান্ত লৈছিল। ব্যস্ত ঘাইপথত অৱতৰণ কৰাৰ ঠিক আগতেই সংঘটিত হয় এই দুৰ্ঘটনা।
সমগ্ৰ ঘটনাটো এখন গাড়ীৰ সন্মুখৰ কেমেৰাত বন্দী হৈছে।ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে,হঠাতে এখন বিমান পথৰ মাজত অৱতৰণ হোৱাৰ সময়তে সন্মুখৰ এখন গাড়ীত খুন্দা মাৰি ৰাস্তাত বাগৰি পৰে।
অৱশ্যে ভাল খবৰটো হ’ল যে দুৰ্ঘটনাটোত কোনো ডাঙৰ ক্ষতি হোৱা নাই। সৰু বিমানখনত দুজন যাত্ৰী আছিল। তথ্য অনুসৰি তেওঁলোক সুস্থ অৱস্থাত আছে।
অৱশ্যে বিমানখনে খুন্দা মৰা টয়োটা গাড়ীখন চলাই আছিল এগৰাকী ৫৫ বছৰীয়া এগৰাকী মহিলাই। এই ঘটনাত তেওঁ আহত হয় । তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
ইফালে, আমেৰিকাৰ ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে দুৰ্ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে। দুৰ্ঘটনাটোৰ সঠিক কাৰণ সন্দৰ্ভত বিতং তদন্তৰ নিৰ্দেশ দিছে প্ৰশাসনে।






























