Foreign cigarettes seized in Silchar:
শিলচৰত জব্দ বিদেশী চিগাৰেট ৷ অসম ৰাইফলছ-কাছাৰ আৰক্ষীৰ যুটীয়া অভিযানকাৰী দল এটাই তাৰাপুৰত অৰ্তকিতে অভিযান চলাই প্ৰায় ৩,০৬০ পেকেট বিদেশী চিগাৰেট জব্দ কৰাৰ লগতে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰী দুজনৰ নাম ইছলাম উদ্দিন লস্কৰ আৰু হানান হুছেইন বৰভূঞা। ধৃত লস্কৰৰ ঘৰ ভাগাত আৰু হানানৰ ঘৰ ধলাইত ৷ জব্দকৃত চিগাৰেটখিনিৰ দাম প্রায় ১ কোটি ৮৩ লাখ টকা হ’ব বুলি অনুমান কৰিছে আৰক্ষীয়ে ৷
