Chargesheet:
সকলো উৎকণ্ঠাৰ অন্ত পেলাই হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট শুকুৰবাৰে কামৰূপ চিজেএম আদালতত এছআইটিয়ে দাখিল কৰিব। আদালতত এছআইটিয়ে মাত্ৰ এখনেই চাৰ্জশ্বীট দাখিল কৰিব ৷
উল্লেখ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ চিআইডিৰ ৰজু হোৱা ১৮/২০২৫ নং গোচৰৰ তদন্তৰ চাৰ্জশ্বীট তিনি হাজাৰৰো অধিক বুলি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল।
মনকৰিবলগীয়া যে ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ গ্ৰহণ কৰিবলৈ গৈ সমুদ্ৰ বক্ষত ৰহস্যজনক মৃত্যুক আকোৱালি লৈছিল হিয়াৰ আমঠু জুবিন গাৰ্গ ৷ হাৰ্টথ্ৰৱ গৰাকীৰ মৃত্যুৰ ঘটনা বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ থানাই থানাই জুবিন অনুৰাগীয়ে নৰ্থ ইষ্ট ফেষ্টিভেলৰ হোতা শ্যামকানু মহন্ত,জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে গোচৰ তৰে ৷জুবিনৰ পাৰ্থিৱ শৰীৰ গুৱাহাটী আহি পোৱাৰ পিছত ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় মৰ্যাদাে শেষ কৃত্য সম্পন্ন কৰিছিল ৷
আনহাতে ৰাইজৰ বিপুল দাবীত জুবিনৰ ৰহস্যজনৰ ঘটনাৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে চিআইডি অৰ্পণ কৰিছিল ৷ চিআইডিৰ ক্ষিপ্ৰতাৰে অভিযান চলাই গুৰুগাঁৱৰ পৰা জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা ক আটক কৰাৰ বিপৰীতে শ্যামকানু মহন্তই চিংগাপুৰৰ পৰা গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে চিআইডিয়ে বিমান বন্দৰতে আটক কৰে ৷ একেদৰে জুবিনৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামী,সহ- শিল্পী অমৃতপ্ৰভা মহন্ত,জুবিনৰ সম্বন্ধীয় ভাতৃ সঞ্জীপন গাৰ্গ,জুবিনৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গুৱাহাটীত গ্ৰেপ্তাৰ কৰে চিআইডিয়ে ৷ সম্প্ৰতি ছয় অভিযুক্ত কাৰাৰুদ্ধ হৈ আছে বাকসা জিলা কাৰাগাৰ আৰু হাফলং উপ- কাৰাগাৰত ৷
