Australia:১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে অষ্ট্ৰেলিয়া। বিগত বছৰৰ নৱেম্বৰ মাহত দেশৰ প্ৰতিনিধি সদনত এখন ঐতিহাসিক বিধেয়ক গৃহীত হৈছিল।
অৱশেষত যোৱা ১০ ডিচেম্বৰ বুধবাৰে এই আইনখন কাৰ্যকৰী হ’ল। এই আইন মানি নচলা যিকোনো প্ৰতিষ্ঠানে সৰ্বোচ্চ পাঁচ কোটি অষ্ট্ৰেলিয়ান ডলাৰ জৰিমনা ভৰিব লাগিব, যিটো ভাৰতীয় মুদ্ৰাত ৩০০ কোটিতকৈ অধিক ।
অৱশ্যে এই জৰিমনা কেৱল কোম্পানীসমূহৰ বাবেহে। নাবালক বা তেওঁলোকৰ অভিভাৱক কোনোৱেই এই শাস্তিৰ সন্মুখীন নহয়।
শেহতীয়াকৈ অতীতত বহু নাবালক-নাবালিকাৰ অভিভাৱকে জনাইছে যে, চাইবাৰ বুলিঙৰ বলি হোৱাৰ পাছত বহুতেই আত্মহননৰ পথ বাচি লৈছে । যদিও একাংশই ওলোটাই দাবী কৰিছে যে,ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰিলে যুৱক-যুৱতীসকলৰ কণ্ঠ ৰোধ হৈ পৰিব ।
কিন্তু অভিভাৱকসকলে উত্তৰ দিলে যে অনলাইন জগতখনত সুৰক্ষিত হৈ থকাটো কিশোৰ-কিশোৰীসকলৰ বাবে ক্ৰমান্বয়ে বিপদজনক হৈ পৰিছে। ইফালে একাংশ কিশোৰীয়েও যুক্তি দিছিল যে ইয়াৰ ফলত তেওঁলোকৰ সামাজিক আৰু পাৰিবাৰিক সংযোগৰ ক্ষতি হ’ব।
অৱশ্যে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে পূৰ্বে ঘোষণা কৰিছিল যে এই আইন প্ৰৱৰ্তনৰ প্ৰস্তাৱ দাখিল কৰা হ’ব। অৱশেষত আজি বিধেয়কখন গৃহীত হয়।
প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজৰ লেবাৰ চৰকাৰে বিধেয়কখন উত্থাপন কৰাৰ পাছতে ১০২টা সপক্ষে আৰু মাত্ৰ ১৩টা বিপক্ষে ভোট লাভ কৰি ইতিহাস ৰচনা কৰে।






























