Winter:✒️প্রত্যেক বছৰতে পৰিৱৰ্তন ঘটিছে পৃথিৱীৰ বতৰত। সেইদৰে চাবলৈ হ’লে পৃথিৱীৰ প্ৰতিখন দেশৰ পৰিৱেশত ব্যাপক পৰিৱৰ্তন দেখা গৈছে। এই বছৰ শীতে লাহে লাহে বিশ্বৰ বিভিন্ন দেশত নিজৰ প্ৰভাৱ দেখাবৰৈ আৰম্ভ কৰিছে।
যিসকলে শীতক পছন্দ কৰে তেওঁলোকৰ বাবে এয়া এক ভাল সময়; কিন্তু আন কথা কৈছে একাংশ বিশেষজ্ঞই।চলিত বছৰত বৰ্ষাৰ প্ৰভাৱ বহু বেছি দেখা গৈছিল। এইবাৰ গৰমে বিশেষ আধিপত্য দেখুৱাব নোৱাৰিলে। সেই দিশৰ পৰা চাবলৈ হ’লে এল নিনোৰ প্ৰতি সকলোৰে দৃষ্টি থাকিলেও এইবাৰ সকলোকে যন্ত্রণা দিবলৈ সাজু হৈছে লা নিনা।
বিশ্বৰ পৰিৱেশক এককভাবে সলনি কৰি দিবলৈ সাজু লা নিনা। সেইমতে যদি সকলো ঠিকে থাকে তেন্তে লা নিনাৰ প্ৰভাৱত বিশ্বৰ বিভিন্ন দেশত শীতৰ প্ৰকোপক কিছু বেছিকৈয়ে দেখা যাব। লা নিনাই এইবাৰ শীতৰ পৰিৱেশক একেবাৰে সলনি কৰি পেলাব।
প্রশান্ত মহাসাগৰৰ পৰা অহা ঠাণ্ডা বতাহে সমীপৰ প্ৰতিখন দেশকে কঁপাই তুলিব। সবাতোকৈ বেছি প্রভাবিত হ’ব দক্ষিণ আমেৰিকা। এইবাৰ লা নিনাই সবাতোকৈ বেছি শীতল পৰিৱেশ সৃষ্টি কৰিব। এই তালিকাত আছে মার্কিন যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ বিস্তীর্ণ অংশও। উত্তৰ আটলান্টিকৰ ওপৰতো এইবাৰ লা নিনাৰ প্ৰভাৱ বেছিকৈ থাকিব।
ফলত তাৰ পৰাই ইতিমধ্যে শীতৰ আধিপত্যৰ খবৰ আহিছে। সেই অঞ্চলৰ তাপমাত্রা ইতিমধ্যেই স্বাভাৱিকৰ তুলনাত অনেক তললৈ নামি গৈছে। বতৰ বিশেষজ্ঞৰ মতে, যিদৰে লা নিনাই এইবাৰ শীত লৈ আহিছে, তাৰ ফলত শীত এইবাৰ দীর্ঘস্থায়ী হ’ব। ফলত বৰষুণৰ প্রকোপৰ বাবে যিদৰে মানুহে শেষৰফালে বিব্রতবোধ কৰিছিল, ঠিক একেই পৰিস্থিতি সৃষ্টি হ’ব শীতৰ বেলিকাও।
প্রতি বছৰে শীতৰ সময় যি অঞ্চলত যিমান থাকে, এইবাৰ তাৰ তুলনাত বহু বেছি সময় থাকিব।বিভিন্ন দেশৰ বতৰ বিভাগৰ সূত্ৰৰ পৰা খবৰ অনুসৰি, সেইবোৰ দেশত শীতৰ প্ৰভাৱ এইবাৰ অনেক বেছি। ফলত শীত এইবাৰ দীর্ঘস্থায়ী হ’লেই সকলোকে নিজৰ খেলা দেখুৱাব।
সততে শীতৰ দিনত যিসকল সবাতোকৈ বেছি ক্ষতিগ্রস্ত হয়, সেই প্রবীণ নাগৰিকসকল এইবাৰ আৰু বেছি সমস্যাত পৰিব। তেওঁলোকৰ শীতকালীন ৰোগৰ মাত্রাও বহু পৰিমাণে বৃদ্ধি পাব। সেয়ে আগতীয়াকৈ সতর্কতামূলক ব্যৱস্থা নল’লে তেওঁলোকে অনেক হাৰাশাস্তি ভোগ কৰিবলগীয়া হ’ব পাৰে।






























