Golden play button:✒️আজিকালি ইউটিউব হৈছে মনোৰঞ্জন, শিক্ষা বা তথ্যৰ বাবে এক জনপ্রিয় মঞ্চ।বহুতে এতিয়া ইউটিউবক পেছা হিচাপে বাছি লৈছে। যেতিয়া কোনো ইউটিউবাৰৰ চেনেলৰ ছাবস্ক্রিপছন আৰু ভিউ বৃদ্ধি পায়, তেতিয়া ইউটিউবে সৃষ্টিকর্তাক সম্মান জনোৱাৰ বাবে ‘ক্রিয়েটাৰ্ছ এৱাৰ্ড’ দিয়ে।
ইয়াৰে আটাইতকৈ লোভনীয় হৈছে ‘গোল্ডেন প্লে বাটন’, যিটো চেনেলে ১০ লাখ গ্রাহকক অতিক্ৰম কৰিলে প্রদান কৰা হয়। বহুতে বাবে যে ইউটিউবৰ গোল্ডেন প্লে বাটন পালে বা আপোনাৰ ছাবস্ক্রাইবাৰ বৃদ্ধি হ’লে পোনপটীয়াকৈ ধন দিয়ে। কিন্তু এই ধাৰণাটো শুদ্ধ নহয়।
ইউটিউবে ছাবস্ক্রাইবাৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি টকা নিদিয়ে। ভিডিঅ’ দৰ্শন বা দৰ্শকৰ সংখ্যাৰ ওপৰত ভিত্তি কৰিহে ধন আহে।
ইউটিউব ভিউ এটাই কিমান টকা উপার্জন কৰে?
সাধাৰণতে বিজ্ঞাপনদাতাই প্রতি এহেজাৰ দৰ্শনৰ বাবে প্রায় দুই ডলাৰ দিয়ে। যদি কোনো সৃষ্টিকর্তাই নিয়মিতভাৱে ভাল মানৰ ভিডিঅ’ আপলোড কৰে আৰু বহুত দর্শক পায়, তেন্তে তেওঁৰ বাৰ্ষিক আয় ৪০ লাখ ডলাৰৰ ওচৰ চাপিব পাৰে (ভাৰতীয় মুদ্রাত প্রায় ৩৫.৯ কোটি টকা)।
আয়ৰ অন্যান্য উপায়
যদিও গোল্ডেন প্লে বাটন প্রত্যক্ষ আর্থিক পুৰস্কাৰ নহয়, তথাপি ইয়াৰ দ্বাৰা চেনেলটোৰ বিশ্বাসযোগ্যতা বহুগুণে বৃদ্ধি পায়। ফলত বিভিন্ন কোম্পানীয়ে বিজ্ঞাপনৰ বাবে ইউটিউবাৰৰ স’তে পোনপটীয়াকৈ যোগাযোগ কৰে। ভিডিঅ’ৰ জৰিয়তে সেই সামগ্ৰীৰ প্ৰচাৰ কৰি এজন সৃষ্টিকর্তাই বহু টকা উপাৰ্জন কৰিব পাৰে। এইদৰে গোল্ডেন প্লে বাটনে আচলতে আয়ৰ একাধিক নতুন উপায় মুকলি কৰে।
ইউটিউবৰ আয়ৰ ওপৰত কৰ দিব লাগিব নেকি?
ইউটিউবৰ পৰা উপাৰ্জন কৰিলেও সেই ধনৰ ওপৰত কৰ দিয়াটো বাধ্যতামূলক। যিসকল পূর্ণকালীন কন্টেন্ট ক্রিয়েটৰ, তেওঁলোকৰ বাবে এই আয়ক ‘পেছাদাৰী আয়’ হিচাপে গণ্য কৰা হয়। আয়কৰ আইনৰ ৪৪ এডি ধাৰা অনুসৰি এই আয়ৰ কৰ দিব লাগিব। লগতে যদি কোনো ব্রেণ্ডে দিয়া উপহাৰ বা বিশেষ সুবিধাৰ মূল্য ২০ হেজাৰ টকাতকৈ অধিক হয়, তেন্তে টিডিএছৰ ১৯৪ আৰ ধাৰা অনুসৰি ইয়াৰ ওপৰত কৰ প্রযোজ্য হ’ব।
