Japan:✒️জাপান পুনৰ ভয়াৱহ চুনামিৰ কবলত পৰাৰ আশংকা প্রবল হৈছে। যোৱা সোমবাৰে আৰু শুকুৰবাৰে দ্বীপ ৰাষ্ট্ৰখনক দুটা শক্তিশালী ভূমিকম্পই জোঁকাৰি যায়। বিখটাৰ স্কেলত ৭.৬ আৰু ৬.৭ প্রাবল্যৰ এই ভূমিকম্প দুটাৰ জোঁকাৰণিৰ পাছতে সমগ্র দেশখনত ভয়ৰ সঞ্চাৰ হৈছে।
এনে অৱস্থাতে জাপান চৰকাৰে আশংকা কৰা অনুসৰি, দ্বীপ ৰাষ্ট্ৰখন পুনৰ ভয়ংকৰ চুনামিৰ কবলত পৰিব পাৰে। সেই অনুসৰি দেশখনৰ বতৰ বিজ্ঞান সংস্থাই আগতীয়া সতর্কতা জাৰি কৰিছে। বতৰ বিজ্ঞান সংস্থাৰ মতে, এই সম্ভাব্য চুনামিৰ ফলত সমুদ্ৰত তিনি মিটাৰ পর্যন্ত টৌ উঠাৰ আশংকা আছে।
এই চুনামিৰ ফলত হোক্কাইড’, আওমোৰি আৰু ইওয়াত প্রদেশত বিস্তৰ ক্ষতিসাধনৰ আশংকা কৰা হৈছে। সেই অনুসৰি এই প্রদেশসমূহৰ উপকূলীয় অঞ্চলসমূহৰ বাসিন্দাসকলক নিৰাপদ স্থানলৈ যাবলৈ চৰকাৰে আহ্বান জনাইছে। বর্তমানেও এই সতর্কতা বাহাল আছে।
যোৱা মাহত ইওয়াত প্ৰদেশৰ পৰা ৭০ কিলোমিটাৰ দূৰত প্ৰশান্ত মহাসাগৰৰ বক্ষত চুনামি প্রত্যক্ষ কৰা হয়। উল্লেখ্য যে জাপানক ২০১১ত এক ভয়ংকৰ ভূমিকম্প-চুনামিয়ে জোঁকাৰি যায়। ৰিখটাৰ স্কেলত তেতিয়া ন প্রাবল্যৰ ভূমিকম্পৰ উদ্ভৱ হৈছিল। এই ভূমিকম্প চুনামিত কমেও ২০ হেজাৰ লোকৰ প্ৰাণহানি ঘটাৰ লগতে সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হয়। আনকি দেশখনৰ ফুকুশিমাৰ পৰমাণু ক্ষেত্ৰৰো ক্ষতিসাধন হোৱাত এক পাৰমাণৱিক বিপর্যয়ে দেখা দিছিল। সম্প্রতি দেশখনত এনে চুনামি-ভূমিকম্পৰ আশংকা পুনৰ প্ৰৱল হৈ উঠিছে।
জাপানৰ বতৰ বিজ্ঞান সংস্থাৰ মতে, দেশখন অচিৰে ভয়ংকৰ চুনামি-ভূমিকম্পৰ কবলত পৰিব পাৰে। আনকি আগন্তুক সপ্তাহতে এনে ভয়াবহ প্রাকৃতিক দুৰ্যোগৰ আশংকা কৰিছে বতৰ বিজ্ঞান সংস্থাই। এই চুনামিৰ ফলত ৯৮ ফুট পর্যন্ত উচ্চতালৈ সাগৰৰ ঢৌ উঠিব পাৰে। ফলত কমেও দুই লক্ষ লোকৰ প্ৰাণহানি ঘটাৰ আশংকা আছে। এই দিশ লক্ষ্য কৰি আশংকাত কঁপি উঠিছে জাপান চৰকাৰ।
কাৰণ জন-ধনৰ বিস্তৰ ক্ষতিসাধন কৰাৰ আশংকা থকা এনে ভয়াৱহ প্রাকৃতিক দুৰ্যোগৰ ক্ষতিপূৰণ প্ৰায় অসম্ভব হ’ব। জাপান চৰকাৰৰ এক অনুমান মতে, দেশখন পুনৰ প্ৰচণ্ড চুনামিৰ কবলত পৰিলে কমেও ১৯ হেজাৰ আঠশ কোটি ডলাৰৰ সা-সম্পত্তিৰ ক্ষয়-ক্ষতিৰ আশংকা আছে।
আনহাতে, একাংশ বিশেষজ্ঞৰ মতে দৰাচলতে এছিয়াৰ দ্বীপ ৰাষ্ট্ৰখন এক টাইম বোমাৰ ওপৰতহে বহি আছে। অৰ্থাৎ বিশ্বৰ ভিতৰতে অত্যন্ত প্রাকৃতিক দুর্যোগ প্রৱণ জাপানক যিকোনো মুহূৰ্ততে প্ৰৱল ভূমিকম্পই জোঁকাৰিব পাৰে। উল্লেখ্য যে জাপানৰ স্থানীয় সময় মতে শুকুৰবাৰে দিনৰ ১১-৪৪ বজাত অহা ভূমিকম্পত দেশখনৰ উত্তৰ অংশত বহু ক্ষয়-ক্ষতি হয়।
ভূমিকম্পটোত কমেও ৩৪ জন লোক আহত হয়। এই ভূমিকম্পৰ উৎপত্তি স্থল আছিল আওমৰি প্ৰদেশৰ পূব উপকূলত মাটিৰ ২০ কিলোমিটাৰ গভীৰতাত। এই স্থান জাপানৰ প্ৰধান দ্বীপ হনছুৰ উত্তৰত অৱস্থিত। ইয়াৰ পূর্বে যোৱা সোমবাৰে গভীৰ নিশা দেশখনক আন এক প্ৰৱল ভূমিকম্পই জোঁকাৰি যায়। ৭.৬ প্ৰাৱল্যৰ এই ভূমিকম্পৰ জোঁকাৰণি আইওয়েতৰৰ বিস্তীর্ণ অঞ্চলত অনুভূত হয়।
নিশা ১১ বজাত অহা এই ভূমিকম্পৰ ক্ষয়-ক্ষতি সবিশেষ তথ্য পোহৰলৈ অহা নাই। আইওয়েত প্রদেশ প্রশান্ত মহাসাগৰৰ উপকূলত অৱস্থিত। গতিকে অহা সপ্তাহত এই প্রদেশকেইখনৰ লোকসকলক সতর্ক হৈ থাকিবলৈ চৰকাৰে আহ্বান জনাইছে।
আনহাতে ভূতত্ত্ববিদসকলৰ মতে, জাপানৰ ভূগৰ্ভস্থ ফলকৰ তলত ফিলিপিন সাগৰৰ ফলকে প্ৰৱেশ কৰিছে। এই দুই ফলক সংঘৰ্ষৰ ফলত বৃহৎ শক্তিৰ বাহিৰ হয়। এই শক্তিৰ বহির্গমনৰ ফলতে প্রৱল ভূমিকম্পৰ জোঁকাৰণি জাপানত অনুভূত হৈছে। উল্লেখ্য যে একোটা ভূমিকম্পৰ প্ৰাৱল্য ৰিখটাৰ স্কেলত আঠৰ ওপৰ হ’লে তাক মহাকম্প বুলি কোৱা হয়। ২০১১ত জাপানক জোঁকাৰি যোৱা ভূমিকম্পটোৰ প্রাবল্য আছিল ৯.১। ইয়াৰ ফলত সৃষ্ট চুনামিয়ে ১৩০ ফুট উচ্চতা পর্যন্ত পানীৰ ঢৌৰ সৃষ্টি কৰিছিল।






























