Zubeen Garg:✒️জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামাত এছআইটিয়ে চাৰিটা শিতানত তথ্য দাখিলৰে সাতজনক অভিযুক্ত কৰে। মৌখিক সাক্ষ্য গ্রহণ, চিকিৎসাৰ প্রমাণপত্র, ডিজিটেল তথ্য আৰু বিত্তীয় লেনদেনৰ শিতানত অভিযুক্ত কৰা হয় শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত, সন্দীপন গার্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক।
মৌখিক সাক্ষ্য প্ৰমাণৰ শিতানত ঘনিষ্ঠ আৰু জুবিনক লগ পোৱা সকলে প্রয়াত শিল্পীগৰাকীৰ লগত কি ধৰণৰ আচৰণ কৰিছিল, সেই উল্লেখ আছে। চিকিৎসাৰ প্ৰমাণপত্ৰ শিতানত জুবিন গাৰ্গৰ স্বাস্থ্য সম্পর্কীয় নথিপত্ৰৰ উপৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু দেহৰ অভ্যন্তৰৰ অংগ-প্রত্যংগৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰা হৈছে। ডিজিটেল তথ্যৰ ভিতৰত জুবিন গাৰ্গৰ ম’বাইল ফোন, লেপটপ, ছিংগাপুৰৰ পৰা সংগ্ৰহ কৰি অনা চিচি টিভিৰ ফুটেজ, হোৱাটছএপত হোৱা ৰহস্যজনক বার্তালাপ আদি আছে।
অর্থনৈতিক শিতানত শিল্পীগৰাকীৰ অনুষ্ঠান, গীতৰ ৰেকৰ্ডিঙৰ লগতে ৰয়েল্টিৰ নথিপত্ৰ আদি দাখিল কৰা হৈছে। মৌখিক সাক্ষ্য প্ৰমাণৰ শিতানত অভিযুক্তৰ চৰম অৱজ্ঞাৰ পৰিণতিতে জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি উল্লেখ কৰা হৈছে। শ্যামকানু মহন্তক এই ক্ষেত্ৰত বিশেষভাৱে জগৰীয়া কৰা হৈছে। সাগৰত সম্পূৰ্ণ সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ কৰা জুবিন গাৰ্গৰ শৰীৰ চিকিৎসা অবিহনে এঘণ্টাৰো অধিক সময় সাগৰৰ পাৰত আছিল; অথচ তেওঁক প্রয়োজন আছিল জৰুৰী চিকিৎসাৰ।
শ্যামকানু মহন্তই বিষয়টো অৱগত হৈয়ো পর্যাপ্ত গুৰুত্ব প্রদান কৰা নাছিল। ইপিনে, বিত্তীয় লেনদেনৰ শিতানত উল্লেখ কৰা অনুসৰি, মেনেজাৰ সিদ্ধার্থ শৰ্মাই ধনক লৈ প্ৰৱঞ্চনা কৰি অহা বুলি জুবিন গাৰ্গ অৱগত হৈছিল। নিজে লোৱা পাৰিশ্ৰমিকৰ বিপৰীতে সিদ্ধার্থই জুবিনৰ অনুষ্ঠানৰ নামত নিজৰ ইচ্ছা অনুসৰি, আয়োজকৰ পৰা ধন আদায় কৰিছিল। অতিৰিক্ত সেই ধন হস্তগত কৰাৰ উপৰি জুবিনৰ পাৰিশ্ৰমিকৰ পৰাও নিজৰ অংশ কাটি ৰাখিছিল।
সেই বিষয়ে জুবিন ভালদৰে অৱগত আছিল। ইয়াকে লৈ আনকি জুবিনে সিদ্ধাৰ্থৰ ওচৰত নিজৰ আপত্তিও দর্শাইছিল।এনেবোৰ তথ্যৰে এখন সুবৃহৎ অভিযোগনামা এছআইটিয়ে দাখিল কৰাৰ পাছত কামৰূপ মহানগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৪০৮৪/২৫ নম্বৰত এটা গোচৰ ৰুজু কৰে। এই গোচৰটো অসম চৰকাৰ বনাম সিদ্ধার্থ শৰ্মা নামেৰে চলিব। উল্লেখ্য যে অহা ১৬ ডিচেম্বৰত এই গোচৰটোৰ প্ৰথম শুনানি অনুষ্ঠিত হ’ব।
ইপিনে, অভিযোগনামাক লৈ শনিবাৰে প্রতিক্রিয়া ব্যক্ত কৰে কংগ্ৰেছে। প্রদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰাই মন্তব্য কৰে যে গা বচাই চলিবলৈহে অসম চৰকাৰে অভিযোগনামা এখন দিব লাগে বাবে দিছে। ইয়াৰ জৰিয়তে জুবিন গাৰ্গক হত্যাৰ বিচাৰৰ বলটো চৰকাৰে আদালতলৈ ঠেলি পঠিয়ালে। বৰাই কয়, ‘অভিযুক্তসকলৰ বিৰুদ্ধে আৰোপ কৰা ধাৰাবোৰ পৰীক্ষা কৰি আমি স্পষ্টভাৱে উপলব্ধি কৰিছো যে চৰকাৰে নিজক ৰক্ষাৰ বাবেহে এই কাম কৰিলে। এষাৰ কথা আছে-সাপো মৰক লাঠিও নাভাঙক।
সেই ধৰণে অভিযোগনামাখন প্ৰস্তুত কৰা হৈছে। ইমান দিনে ৰাইজে চৰকাৰক জুবিন গাৰ্গৰ মৃত্যুক লৈ প্রশ্ন কৰি আছিল। চৰকাৰে এতিয়া ক’ব- আমাৰ কাম শেষ, ন্যায় দিয়াৰ কাম আদালতৰ। মুখ্যমন্ত্ৰীয়ে এনেকৈয়ে ক’ব আৰু ইতিমধ্যে কৈছেও। মুখ্যমন্ত্রীয়ে নিজৰ দায় সাৰিবৰ বাবে এনে এখন অভিযোগনামা দাখিল কৰিলে।
অভিযোগনামাত ১০৩ আৰু ১০৫ ধাৰা দুটাই কঠোৰ। বাকীবিলাক দুর্বল।’ এই প্রসংগতে একমাত্র দুর্বল অভিযোগনামাৰ বাবে নিঠাৰী হত্যাকাণ্ডৰ দৰে ভয়ংকৰ ঘটনাত জড়িতয়ো খালাচ পাবলৈ সক্ষম হ’ব বুলি বৰাই কয়। কাৰণ আদালত আবেগৰ দ্বাৰা পৰিচালিত নহয়। আইনৰ মতেহে আদালত চলে।
বৰাই কয় যে কেৱল সন্দেহৰ ভিত্তিত কাৰোবাক দোষী সাব্যস্ত কৰিব নোৱাৰি। দোষী সাব্যস্ত হ’বলৈ হ’লে সন্দেহৰ ঊর্ধ্বত স্পষ্ট তথ্য থাকিবই লাগিব। হেজাৰ হেজাৰ নথিপত্র সংযোজিত কৰি অভিযোগনামা দাখিল কৰিলেই আদালতে ন্যায় নিদিয়ে। তেওঁ লগতে কয়, ‘হোটেলৰ ৰছিদ, টেক্সীৰ ৰছিদে একো সহায় নকৰে। এনে সাক্ষী ওলাব লাগিব, যিয়ে অভিযোগনামাত লিখা কথাবোৰ হয় বুলি ক’ব লাগিব। সেই ব্যৱস্থা লোৱা হৈছে নে নাই? আমাৰ সন্দেহ আছে। আমি প্রত্যক্ষ কৰা এটা গুৰুত্বপূর্ণ দুর্বলতা হ’ল- যিখন য়টত উঠি জুবিন গাৰ্গ সাগৰলৈ গৈছিল, সেইখন এতিয়ালৈকে জব্দ কৰা হোৱা নাই। জব্দ নকৰিলে আদালতে গুৰুত্ব নিদিয়ে। তদুপৰি ঘটনাস্থলীলৈ এছআইটি গ’ল নে? সেয়াও আদালতে চাব। মূল কথাটো হ’ল- যদি জুবিন গার্গে ন্যায় নাপায়, যদি দোষী সাৰি যাবলগীয়া হয়, তেন্তে ইতিহাসে হিমন্ত বিশ্ব শর্মাক ক্ষমা নকৰিব। আমি এতিয়া সম্পূর্ণ অভিযোগনামাখনৰ অপেক্ষাত আছো। সেইখনত সুৰুঙা থাকিলে আমি কংগ্রেছে প্রতিবাদ কৰি যাম।’
