Spain:✒️অফিচত পলমকৈ উপস্থিত হোৱাৰ বাবে কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ উদাহৰণ অনেক আছে। অথচ নির্দিষ্ট সময়ৰ পূর্বে কার্যালয়ত উপস্থিত হোৱাৰ বাবে কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ উদাহৰণ হয়তো নাই বুলি ক’ব পাৰি। যদিও এনে এক ঘটনা সংঘটিত হৈছে স্পেইনত।
অফিচ আৰম্ভ হোৱাৰ নিৰ্দিষ্ট সময়ৰ পূৰ্বে উপস্থিত হোৱাৰ বাবেই চাকৰি হেৰুৱালে এগৰাকী মহিলা কৰ্মচাৰীয়ে। প্রাপ্ত তথ্য অনুসৰি, প্রায় দুবছৰ ধৰি নিয়মিত কামৰ বাবে নিৰ্ধাৰিত সময়ৰ পূৰ্বে অফিচলৈ আহি থকাৰ বাবেই উক্ত উৎসাহী কৰ্মচাৰীগৰাকীক কোম্পানী কর্তৃপক্ষই বৰ্খাস্ত কৰে।
এই ঘটনাৰ পাছতে অপসাৰিত মহিলা কৰ্মচাৰীগৰাকীয়ে সংশ্লিষ্ট কোম্পানীৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হয়; কিন্তু আদালতে স্পষ্ট কৰি দিয়ে যে এই ঘটনাত কোম্পানীৰ একো দোষ নাই।
স্পেইনৰ এখন সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পাইছে। প্রতিবেদন অনুসৰি, স্পেইনৰ ২২ বছৰীয়া কৰ্মচাৰীগৰাকীয়ে প্রায় দুবছৰ ধৰি নির্দিষ্ট সময়ৰ পূৰ্বে অফিচত উপস্থিত হৈছিল।
কর্তৃপক্ষই বাৰে বাৰে বাৰণ কৰা সত্ত্বেও তেওঁ সদায় প্রায় ৪০ মিনিটৰ পূৰ্বে নিজৰ অফিচত উপস্থিত হয়। তেওঁৰ কামৰ সময় আৰম্ভ হৈছিল পুৱা ৭-৩০ বজাৰ পৰা; কিন্তু তেওঁ নিতৌ পুৱা ৬-৪৫ৰ পৰা সাত বজাৰ ভিতৰত অফিচত উপস্থিত হৈছিল।
কোম্পানীৰ তৰফৰ পৰা এই বিষয়ত কে’বাবাৰো তেওঁক সতর্ক কৰি দিয়া হৈছিল। নিয়োগকাৰীয়ে অভিযোগ কৰে যে সেই কৰ্মচাৰীগৰাকীয়ে সোনকালে অফিচত উপস্থিত হ’লেও সেই সময়ত তেওঁৰ বাবে একো কৰিবলগীয়া নাথাকিছিল। যদিও কথা নুশুনাত হতাশ হৈয়ে তেওঁৰ ঊর্ধ্বতন বিষয়াই গুৰুতৰ অসদাচৰণৰ অভিযোগত কৰ্মচাৰীগৰাকীক বৰ্খাস্ত কৰে।
কোম্পানীটোৱে দাবী কৰে যে সেই কৰ্মচাৰীগৰাকীয়ে সময়ৰ পূবেই অফিচত হাজিৰ হ’লেও কোম্পানীৰ কামত কোনো অৱদান ৰখা নাছিল। বিপৰীতে কর্তৃপক্ষৰ নির্দেশহে উপেক্ষা কৰিছিল।
ইয়াৰ পাছতে সেই মহিলা কৰ্মচাৰীয়ে স্পেইনৰ এলিকেণ্টৰ সামাজিক আদালতত আবেদন জনাই অভিযোগ কৰে যে তেওঁক অন্যায়ভাৱে বৰ্খাস্ত কৰা হৈছে। আনহাতে, কোম্পানীৰ তৰফৰ পৰা বিচাৰকক জনোৱা হয় যে একাধিক মৌখিক আৰু লিখিত আদালতত লগতে জনোৱা হয় যে সতর্কবার্তা সত্ত্বেও কৰ্মচাৰীগৰাকীয়ে সময়ৰ পূৰ্বেই অফিচত উপস্থিত হৈছিল।
১৯ বাৰ তেওঁ অফিচলৈ সোনকালে আহিছিল আৰু তাৰ ভিতৰত বহুবাৰ তেওঁ অফিচত উপস্থিত হোৱাৰ পূৰ্বেই কোম্পানীৰ এপৰ জৰিয়তে লগ ইন কৰাৰ চেষ্টা কৰিছিল। কোম্পানীটোৱে কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে বিশ্বাসভংগৰ অভিযোগো আনিছে। আদালতৰ ৰায়ত কোৱা হৈছে যে কৰ্মচাৰীগৰাকীয়ে আনুগত্যহীনতা প্রদর্শন কৰিছে।
কোম্পানীক সমর্থন কৰি আদালতে কয় যে সেই কৰ্মচাৰীগৰাকীৰ ‘অতিৰিক্ত সময়ানুবর্তিতা’ কোনো সমস্যা নহয়। আচল সমস্যা হৈছে কৰ্মক্ষেত্ৰৰ নিয়ম মানি নচলাটো। আদালতে ৰায় দিয়ে যে সেই কৰ্মচাৰীগৰাকীয়ে স্পেনিছ শ্রমিক আইনৰ ৫৪ নম্বৰ ধাৰা লংঘন কৰিছে।






























