Dzokou জৈৱ বৈচিত্র্যৰ আকৰ নগালেণ্ডৰ জুকো উপত্যকা এক বিধ্বংসী বনজুইৰ কৱলত পৰিছে। বিগত তিনিদিন ধৰি উপত্যকাটোৰ সেউজ আৱৰণি দহিছে এই জুয়ে। সময় বাগৰাৰ লগে লগে পৰিস্থিতি ভয়াৱহ হৈ উঠাত চৰকাৰে বায়ুসেনাৰ সহযোগত আকাশমাৰ্গৰ পৰা অগ্নি নির্বাপণৰ পৰিকল্পনা কৰিছে বুলি সূত্রই জনায়।
সেই অনুসৰি বায়ুসেনাই অগ্নি নির্বাপণত হেলিকপ্টাৰ নিয়োগ কৰাৰ কথা।স্বাভাৱিকতে এই বিধ্বংসী বনজুয়ে স্থানীয় ৰাইজৰ নিদ্ৰাহৰণ কৰিছে। দ্রুততাৰে জুই বিয়পি পৰিছে। মুহূৰ্তৰ ভিতৰতে একো একোটা নতুন স্থান জুইৰ কৱলত পৰিছে। গতিকে বিষয়টোক লৈ প্রশাসনো উদ্বিগ্ন হৈ উঠিছে। ইপিনে, স্থানীয় লোকে প্রকাশ কৰা অনুসৰি যোৱা শুকুৰবাৰে ট্রেকিঙলৈ অহা চাৰিজন লোকে টম্বুৰ কাষত ধৰা জুইৰ পৰা এই বিধ্বংসী বনজুইৰ সূত্রপাত ঘটে।
এই লোককেইজনে খোনোমা গাঁৱৰ ওচৰৰ জংঘললৈ ট্রেকিং কৰিবলৈ আহিছিল।তেওঁলোকে ওচৰৰ পৰা পানী সংগ্ৰহ কৰি আনি জুই নুমাবলৈ চেষ্টা কৰে যদিও সফল নহ’ল। তাৰ পৰিৱৰ্তে জুই অধিক বিয়পি পৰে। ফলত এই লোককেইজনো জুইৰ মাজত আবদ্ধ হৈ পৰে। সৌভাগ্যবশতঃ শনিবাৰে তেওঁলোকক উদ্ধাৰ কৰা হয়।
ইতিমধ্যে তেওঁলোকে জংঘলৰ ওচৰত জুই জ্বলোৱাৰ কথা স্বীকাৰ কৰিছে।আনহাতে, জুই প্রবল হৈ উঠাৰ পাছৰ পৰা স্থানীয় প্রশাসনে অগ্নি নির্বাপণৰ চেষ্টা চলায় যদিও ব্যর্থ হয়। সূত্রই জনোৱা মতে, প্ৰথম অৱস্থাত জংঘলৰ মাজৰ ১.৩ বর্গকিলোমিটাৰ অঞ্চল এই বনজুইৰ কৱলত পৰে। পৰৱৰ্তী সময়ত এক বিস্তীর্ণ অঞ্চল এই বনজুয়ে আগুৰি ধৰে বুলি কোহিমাৰ দুৰ্যোগ উপশম বিভাগৰ বিষয়াই জনায়।
আনহাতে, প্ৰশাসনৰ সূত্ৰই জনোৱা মতে যি ঠাইত এই বনজুইৰ সূত্রপাত হৈছে সেই ঠাই অত্যন্ত দুর্গম। অগ্নিকাণ্ডস্থলীত উপস্থিত হ’বলৈ কোনো বাট-পথ নাই। আনহাতে, অঞ্চলটোলৈ নাযাবলৈ স্থানীয় লোকৰ লগতে ট্ৰেকাৰ আৰু পৰ্যটকসকলৰ প্ৰতি আহ্বান জনাইছে নগালেণ্ড চৰকাৰে।






























