Delhi: ✒️দিল্লীকে ধৰি উত্তৰ ভাৰতত কুঁৱলীৰ দুর্ভোগ অব্যাহত ।মঙলবাৰে পুৱা মথুৰাৰ দিল্লী-আগ্ৰা এক্সপ্ৰেছৱেৰ দৃশ্যমানতা প্ৰায় শূন্য হৈ পৰে। সেই সময়তে তাত একাধিক বাছ আৰু গাড়ীৰ সংঘৰ্ষ হোৱাত কেবাখনো বাহনত জুই লাগে।
ফলত অগ্নী দগ্ধ হৈ ১৩ জন লোক মৃত্যুমুখত পৰে। আনহাতে কমেও ২৫ জন আহত হয়।এই সংঘৰ্ষৰ ফলত কেবাখনো বাছ আৰু গাড়ী বাগৰি পৰাৰ লগতে কেবাখনো বাহনত অগ্নিকাণ্ড সংঘটিত হয়।
খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে।
এই দুৰ্ঘটনাৰ বাবে পথত যান-বাহন চলাচল বন্ধ হৈ পৰে।ক্ষতিগ্ৰস্ত বাহনসমূহ আঁতৰাই স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ চেষ্টা চলাইছে আৰক্ষীয়ে।
ঘটনাস্থলীত উপস্থিত থকা আৰক্ষী বিষয়া শ্লোক কুমাৰে কয়,ঘন কুঁৱলীৰ বাবে সাতখন বাছ আৰু তিনিখন গাড়ীৰ সংঘৰ্ষ হয়। দুৰ্ঘটনাৰ ফলত কেবাখনো বাহনতো অগ্নিকাণ্ড সংঘটিত হয়। ইয়াৰ ফলত ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৫ জন লোক আহত হয়।
উল্লেখযোগ্য যে দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহে শীতকালীন কুঁৱলী আৰু তীব্ৰ প্ৰদূষণ দুয়োটাৰে স’তে যুঁজি আছে। সোমবাৰেও ৰাজধানীখনৰ বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) ৪৫০ৰ ওপৰত থাকে।





























