Jammu and Kashmir Encounter:✒️পুনৰ যুদ্ধক্ষেত্ৰত পৰিণত হৈছে জম্মু-কাশ্মীৰ। সোমবাৰে নিশা উগ্ৰপন্থীৰ স’তে বন্দুকৰ যুদ্ধত শ্বহীদ হ’ল এজন আৰক্ষী বিষয়া। তথ্য অনুসৰি প্রতিশোধমূলক আক্রমণত এজন উগ্রপন্থীও গুৰুতৰভাৱে আহত হয়
সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি উগ্ৰপন্থীক বিচাৰি উলিয়াবলৈ তালাচী অভিযান আৰম্ভ কৰা হৈছে। পলায়নৰ সকলো পথ বন্ধ কৰি দিয়া হৈছে।
আৰক্ষীৰ সূত্ৰৰ মতে, উধমপুৰ জিলাৰ বনাঞ্চলৰে আগুৰি থকা এখন গাঁৱত তিনিজন উগ্ৰপন্থীয়ে আত্মগোপন কৰি থকা বুলি নিৰাপত্তা বাহিনীয়ে চোৰাংচোৱাগিৰি লাভ কৰিছিল।
এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষী বিশেষ বাহিনী চি আৰ পি এফ আৰু সেনাৰ যৌথ দলে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰে।
যদিও আন্ধাৰৰ বাবে ঘন অৰণ্যত অভিযান চলোৱাটো নিৰাপত্তাৰক্ষীৰ বাবে কঠিন হৈ পৰে।
ইফালে অৰণ্যত নিৰাপত্তাবাহিনী আৱদ্ধ হৈ থকা বুলি উপলব্ধি কৰি উগ্ৰপন্থীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত আকস্মিক আক্ৰমণ চলায়। হঠাৎ হোৱা এই আক্ৰমণত এজন আৰক্ষী বিষয়া গুলিবিদ্ধ হয়।
তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ আগতেই তেওঁ শ্বহীদ হয়। তাৰ পাছতে নিৰাপত্তাবহিনেও প্রতিশোধমূলক আক্রমণ কৰে য’ত এজন উগ্রপন্থী আহত হোৱাৰ খবৰ পোৱা গৈছে৷
উল্লেখ্য যে,উগ্ৰপন্থী যাতে পলায়ন কৰিব নোৱাৰে তাৰ বাবে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছে।
অভিযানৰ স’তে জড়িত এজন বিষয়াই জনোৱা মতে, সন্ধিয়া ছয় বজাৰ ওচৰত এই সংঘৰ্ষ আৰম্ভ হয়। ইতিমধ্যে নিৰাপত্তাৰক্ষীয়ে গাঁওখন ঘেৰাও কৰিছে ।






























