Alcohol:✒️আপুনি নিশা ক’ৰবাৰ পৰা গাড়ী চলাই আহিছে। ৰাস্তাত আৰক্ষীয়ে গাড়ী ৰখালে। আপুনি এটোপালো মদ্যপান কৰা নাই, অথচ আৰক্ষীয়ে মুখত লগোৱা ব্রেথালাইজাৰ যন্ত্ৰৰ মতে আপুনি আকণ্ঠ পান কৰিছে।
মূৰটো সামান্য ৰিমঝিম কৰিলেও সেয়া হয়তো অসুস্থতাৰ কাৰণে, নিচা হোৱাৰ কাৰণে নহয়। কিন্তু তেতিয়াও আৰক্ষীয়ে আপোনাৰ মুখত মদৰ গোন্ধ পাইছে। আপুনি যে মদ্যপান কৰা নাই, সেই কথা বাৰম্বাৰ কোৱাৰ পাছতো তেওঁলোকে বিশ্বাস কৰা নাই। ফলত জৰিমনা দিবলগীয়া হ’ল।
এটোপাল মদ্যপান কৰা নাই, অথচ ব্রেথালাইজাৰ যন্ত্ৰৰ প্ৰতিবেদন অনুসৰি আপুনি নিচাগ্রস্ত। এয়া জানো সম্ভব?
অৱশ্যে চিকিৎসা বিজ্ঞানৰ বাবে এয়াও সম্ভৱ। আপুনি যদি ‘অট’-ব্রুয়েৰী ছিড্ৰ’ম’ নামৰ বিৰল ৰোগত আক্রান্ত, তেন্তে সেই ক্ষেত্রত ব্রেথালাইজাৰ যন্ত্রও বিফল হ’ব। বিশেষজ্ঞৰ মতে, এই ৰোগত আক্ৰান্ত লোকৰ শৰীৰত স্বয়ংক্রিয়ভাবে এলক’হল উৎপন্ন হয়।
আমেৰিকাৰ ভার্জিনিয়াৰ ৰিচমণ্ড বিশ্ববিদ্যালয়ৰ এদল গৱেষকৰ মতে, অট’-ব্রুয়েৰী ছিড্ৰ’মত আক্রান্ত লোকৰ খাদ্যনলীত ‘ছেকাৰোমাইছিছ চেৰেভিছিয়াই’ নামৰ এবিধ ভেকুঁৰৰ আৰু সেইবোৰ অস্বাভাৱিক হাৰত বাঢ়ি থাকে।
উল্লেখ্য যে এই ছেকাৰোমাইছিছ চেৰেভিছিয়াই ভেকুঁৰ ব্যৱহাৰ কৰিয়ে এলক’হল প্ৰস্তুত কৰা হয়।বিশেষজ্ঞসকলে কয় যে এই ভেকুঁৰে শৰ্কৰা বা কাৰ্ব’হাইড্রেট জাতীয় খাদ্যক ইথানলত পৰিণত কৰে। সেয়ে অট’-ব্রুয়েৰী ছিণ্ড’মত আক্রান্ত লোকে কার্ব’হাইড্রেট জাতীয় খাদ্য খালেই ক’হল-লন্ধান প্ৰক্ৰিয়াৰে শৰীৰত মদ প্রস্তুত হয় আৰু সেইবোৰ তেজত মিহলি হৈ পৰে। ফলত কেৱল ব্রেথালাইজাৰ যন্ত্ৰই নহয়, ৰক্ত পৰীক্ষা কৰালেও এলক’হলৰ উপস্থিতি পোৱা যাব।
সেয়ে ‘অট’-ব্রুয়েৰী ছিন্ড্র’মত আক্রান্ত লোকে মদ্যপান নকৰিলেও সেয়া প্ৰমাণ কৰা বা আনক পতিয়ন নিওৱা বৰ কঠিন।
১৯৭০ত জাপানত এই ৰোগৰ সন্ধান ওলায়। ইয়াৰো প্রায় ১০ বছৰ মানৰ পাছত আমেৰিকাত অট’-ব্রুয়েৰী ছিণ্ড’মৰ অস্তিত্ব পোহৰলৈ আহে। ৰিচমণ্ড বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটোৱে দাবী কৰে যে অত্যধিক পৰিমাণে এন্টিবায়’টিক সেৱন কৰাৰ ফলত আমাৰ খাদ্যনলীত থকা উপকাৰী বেক্টেৰিয়াৰ সংখ্যা কমি ছেকাৰোমাইছিছ চেৰাভিয়াই ভেকুঁৰৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পায়। ফলত শৰীৰত বাহ লয় অট’-ব্রুয়েৰী ছিড্ৰ’মৰ দৰে বিৰল ৰোগে।






























