Assam Industrial Co-operative Bank:
ৰাজ্যৰ অগ্ৰণী উদ্যোগী শুভ্রজ্যোতি ভৰালীক পুনৰ অসম ইন্ডাষ্ট্রিয়েল কো-অপাৰেটিভ বেংকৰ পৰিচালন সঞ্চালকৰূপে নিযুক্তি দিয়া হৈছে। ৰাজ্যৰ সমবায় সমিতিসমূহৰ পঞ্জীয়কৰ বার্ষিক সাধাৰণ সভাৰ প্ৰক্ৰিয়াৱলীৰ অনুমোদন মর্মে বেংকৰ পুনৰুত্থানৰ প্ৰতি লক্ষ্য ৰাখি ভৰালীক পুনৰ নিযুক্তি দিয়া হয়।
ইয়াৰ পূর্বেও বেংকটোৰ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল ভৰালীয়ে। বিভিন্ন খেলিমেলিৰ অভিযোগত নিলম্বনৰ সন্মুখীন হৈছিল ভৰালী। উল্লেখ্য যে এক বৈঠকৰ সিদ্ধান্ত মর্মে যোৱা আঠ ডিচেম্বৰত ব’ৰ্ড অব ডাইৰেক্টৰ্ছে ভৰালীৰ নিলম্বন প্রত্যাহাৰ কৰে আৰু তাৎক্ষণিকভাবে বলবৎ হোৱাকৈ পুনৰ দায়িত্ব গ্রহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
২০১৬ৰ পৰা ২০২১ৰ ভিতৰত বেংকৰ উত্থান ঘটাইছিল ভৰালীয়ে। ঋণাত্মক পাঁচ কোটিৰ পৰা বেংকৰ মুঠ আয় ৩০ কোটিলৈ উন্নীত কৰি সাফল্য অৰ্জন কৰা ভৰালীয়ে পুনৰ দায়িত্ব লাভ কৰি তেওঁৰ কৰ্মৰ প্ৰতি প্ৰদান কৰা স্বীকৃতিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। চলিত বৰ্ষৰ ২৬ ছেপ্টেম্বৰত অনুষ্ঠিত বার্ষিক সাধাৰণ সভাত লিপিবদ্ধ কৰা অনুসৰি বেংকৰ অংশীদাৰসকলে আঙুলিয়াই দিয়ে যে পৰিচালন সঞ্চালক হিচাপে ভৰালীৰ শেষৰ কৰ্মদিনসমূহত বেংকৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩০ কোটি হৈছিল। ইয়াৰ পৰিৱৰ্তে ৰিজার্ভ বেংক অৱ ইণ্ডিয়া (আৰবিআই)ই নিযুক্তি দিয়া প্রশাসনৰ কাৰ্যকালত ই ঋণাত্মক ৫০ কোটিলৈ অৱনমিত হয়। এই বৈঠকতে অংশীদাৰসকলে অভিযোগ কৰে যে একাংশ কৰ্মচাৰী আৰু ন্যস্ত স্বার্থ জড়িত অংশীদাৰৰ ষড়যন্ত্ৰৰ বাবেই ভৰালীক পৰিচালন সঞ্চালক পদৰ পৰা অপসাৰণ কৰা হয় আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁ আইনী গোচৰৰ সন্মুখীন হ’বলগীয়া হয়।
যোৱা জুনত নির্বাচিত হোৱা ব’র্ডে দায়িত্ব গ্ৰহণৰ পাছত বেংকৰ বিত্তীয় পৰিস্থিতিৰ অধপতন ঘটাৰ পৰিপ্ৰেক্ষিতত অংশীদাৰসকলৰ এক বৈঠকৰ আয়োজন কৰে আৰু বেংকটোৰ বিত্তীয় সুস্থতা-পুনৰুত্থানৰ বাবে ভৰালীক ওভতাই অনাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখ্য যে পুনৰ প্ৰত্যাৱৰ্তনৰ পাছত ভৰালীয়ে কয় যে তেওঁ বেংকৰ বিত্তীয় স্বাস্থ্য পুনৰুদ্ধাৰ কৰিব বুলি দৃঢ়।
