যোৱা জুন মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ১২খন দেশৰ নাগৰিকক আমেৰিকাত প্ৰৱেশ কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছিল। এইবাৰ সেই তালিকাত আৰু সংযোজন কৰা হৈছে সাতখন দেশ আৰু পেলেষ্টাইনৰ নাম ।
ইয়াৰ উপৰিও আমেৰিকাত আন পোন্ধৰখন দেশৰ নাগৰিকৰ প্ৰৱেশৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে। মুঠতে আমেৰিকাত প্ৰৱেশৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰু বিধিনিষেধ আৰোপ কৰা দেশৰ সংখ্যা এতিয়া ৩৯খন হ’ল।
হোৱাইট হাউছৰ সূত্ৰ অনুসৰি যি পাঁচখন দেশৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে সেইখন দেশ হ’ল বুৰ্কিনা ফাছ’, মালি, নিগাৰ, দক্ষিণ চুডান, আৰু ছিৰিয়া। ইয়াৰ উপৰিও পেলেষ্টাইনী ভ্ৰমণৰ নথি-পত্ৰ থকাসকলকো আমেৰিকাত প্ৰৱেশৰ পৰা বঞ্চিত কৰা হয়। ইয়াৰ উপৰিও লাওছ আৰু ছিয়েৰা লিয়নত সম্পূৰ্ণ ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
ইতিমধ্যে এই দেশসমূহৰ নাগৰিকসকলৰ বাবে আংশিক প্ৰৱেশ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। এই নিষেধাজ্ঞা ২০২৬ চনৰ এক জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব।
প্ৰসংগত,পূৰ্বে নিষেধাজ্ঞা আৰোপ কৰা বাৰখন দেশ হ’ল- আফগানিস্তান, চাড, কংগো, ইকুয়েটোরিয়াল গিনি, ইৰিত্ৰিয়া, হাইটি, ইৰাণ, লিবিয়া, ম্যানমাৰ, ছোমালিয়া, চুডান, আৰু য়েমেন।
হোয়াইট হাউছে আৰু সাতখন দেশৰ নাগৰিকৰ ওপৰত কঠোৰ ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰে। উল্লেখযোগ্য যে ২০১৭ চনত প্ৰথম কাৰ্যকালত ট্ৰাম্পে মুছলমান সংখ্যাগৰিষ্ঠ সাতখন দেশৰ নাগৰিকৰ বাবেও আমেৰিকাত প্ৰৱেশ নিষেধাজ্ঞা আৰোপ কৰিছিল।সেই দেশবোৰ হ’ল ইৰাণ, ইৰাক, লিবিয়া, ছোমালিয়া, চুডান, ছিৰিয়া, য়েমেন।






























