PAN Card:✒️বিভিন্ন ক্ষেত্রত আজিকালি পেন কাৰ্ডৰ বহুল ব্যৱহাৰ। বেছিভাগ বেংকিং লেনদেনৰ বাবে ১০টা অংকযুক্ত এটা পেন বা স্থায়ী একাউন্ট নম্বৰ (Permanent Account Number)ৰ প্রয়োজন হয়। কিন্তু পেন কার্ড ব্যৱহাৰৰ সময়ত যদি উপভোক্তাজনে সামান্য ভুল এটাও কৰে, তেন্তে কেতিয়াবা ডাঙৰ সমস্যাত পৰিব পাৰে।
আনহাতে, ভুল যদি গুৰুতৰ হয়, কেতিয়াবা আনকি জৰিমনা পৰিশোধ কৰিব লগাও হ’ব পাৰে। তদুপৰি, এখনতকৈ অধিক পেন কার্ড থকাসকলে যদি তেওঁলোকৰ অব্যৱহৃত পেন কার্ডখন ঘূৰাই নিদিয়ে তেতিয়াও জৰিমনা ভৰিব লগা হ’ব পাৰে।
পেন কাৰ্ডৰ বিৱৰণ দাখিল কৰাৰ সময়ত ভুল তথ্য প্রদান কৰিলে সর্বাধিক ১০,০০০ টকালৈকে জৰিমনা হ’ব পাৰে। গতিকে পেন কার্ড ব্যৱহাৰ কৰোতে সদায় সাবধান হোৱা উচিত।
ভাৰতীয় আয়কৰ আইন, ১৯৬২ৰ ধাৰা ২৭২ (খ) অনুসৰি, এজন ব্যক্তিয়ে পেন সম্পর্কীয় ভুল তথ্য প্রদান কৰিলে ১০,০০০ টকালৈকে জৰিমনা বিহা হ’ব পাৰে। তদুপৰি ব্যক্তিজনৰ পেন কার্ড বাতিলো কৰা হ’ব পাৰে।
আনহাতে, বহু সময়ত দেখা যায় যে পেন কাৰ্ডৰ বাবে আবেদন কৰাৰ পাছতো বিলম্ব ডাকসেৱাৰ বাবে কার্ডখন উপভোক্তাৰ হাতত সময়মতে আহি নপৰে। ফলস্বৰূপে আবেদনকাৰীয়ে আকৌ নতুনকৈ আবেদন কৰে আৰু শেষত তেওঁৰ নামত প্রস্তুত হয় এখনতকৈ অধিক কার্ড।
এনে পৰিস্থিতিত অতিৰিক্ত কাৰ্ডখন আয়কৰ বিভাগৰ ওচৰত সমর্পণ কৰাটো অত্যন্ত জৰুৰী। আয়কৰ বিভাগৰ অফিচিয়েল ৱেবছাইট incometaxindiaefiling.gov.in লগ ইন কৰি এই কাম অতি সহজে কৰিব পৰা যায়।
ইপিনে, এই বিশেষ কাৰ্ডখনত উপভোক্তাৰ নামৰ বানান ভুল হ’লেও, এই কার্ড গ্রহণযোগ্য নহয়। সেয়েহে, পেন কাৰ্ডৰ বাবে আবেদন কৰাৰ সময়ত সকলো তথ্য আৰু বানান আদি শুদ্ধকৈ লিখা জৰুৰী।






























