108:✒️ন্যায্যপ্ৰাপ্তিৰ দাবীৰে চৰকাৰ তথা কর্তৃপক্ষৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন অব্যাহত ৰখা ১০৮ জৰুৰীকালীন মৃত্যুঞ্জয় এম্বুলেঞ্চ সেৱাৰ স’তে জড়িত ৮৫০ জন চালক-কর্মচাৰীয়ে চাকৰি হেৰুৱাইছে। মঙলবাৰে এই কথা স্পষ্ট কৰি দিছে এই জৰুৰীকালীন সেৱা পৰিচালনা কৰা জিভিকে ইএমআৰআই গ্রীণ হেলথ ছার্ভিচেছ নামৰ প্ৰতিষ্ঠানটোৱে।
ইচ্ছাকৃতভাৱে কৰ্তব্যত যোগদান নকৰাৰ ফলত প্রতিষ্ঠানটোৱে ৮৫০জন কৰ্মচাৰীক বৰ্খাস্ত কৰিছে বুলি ঘোষণা কৰি বাকী কৰ্মচাৰীসকলক ২২ ডিচেম্বৰৰ ভিতৰত কৰ্তব্যত যোগদান কৰিবলৈ চূড়ান্ত সময়সীমা বান্ধি দিছে। বিপৰীতে জিভিকে কর্তৃপক্ষৰ এই আহ্বানক নস্যাৎ কৰি আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিছে সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই।
উল্লেখ্য যে ন্যায্যপ্ৰাপ্তিৰ দাবীৰে মৃত্যুঞ্জয় সেৱাৰ চালক-কর্মচাৰীসকলে কৰ্মবিৰতি পালন কৰি মহানগৰীৰ নিৰ্ধাৰিত ধৰ্ণাস্থলী চচলত অব্যাহত ৰখা প্রতিবাদে আজি ১৬টা দিনত ভৰি দিলে। আজিও তেওঁলোকে বিভিন্ন শ্ল’গানৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰি কৰ্তৃপক্ষক কৰ্মচাৰীক বৰ্খাস্তকৰণৰ সিদ্ধান্ত প্রত্যাহাৰ কৰিবলৈ সজোৰে দাবী উত্থাপন কৰে। সন্থাৰ যুটীয়া সম্পাদক গণেশ গগৈয়ে কয় যে জিভিকেৰ চতুৰালি চালক-কর্মচাৰীসকলে আৰু বুজিবলৈ বাকী নাই।
বহুবাৰ আলোচনাত দিয়া আশ্বাসসমূহ আজিকোপতি কাৰ্যকৰী নকৰা প্রতিষ্ঠানটোৱে পুনৰ ২২ ডিচেম্বৰৰ ভিতৰত চাকৰিত যোগদান কৰিবলৈ দাবী জনাইছে। জিভিকেয়ে যিমানেই ভাবুকি প্রদান নকৰক কিয় সমস্যা সমাধান নোহারো পর্যন্ত এই আন্দোলন অব্যাহত থাকিব বুলি উল্লেখ কৰি গগৈয়ে কয়, ‘তেওঁলোকে প্রথমতে যিসকলক বর্খাস্ত কৰিছে, এই সিদ্ধান্ত প্রত্যাহাৰ কৰক। যদি চালক-কর্মচাৰীয়ে পুনৰ কৰ্মত যোগদান কৰে, তেতিয়া হ’লে সকলোৱে একেলগে কৰিব। লগতে আমাৰ দৰমহাৰ বাৰ্ষিক বৃদ্ধিসমূহ দিব লাগিব। ইয়াৰ উপৰি নতুন চুক্তিত আমাৰ চাকৰি নিয়মীয়াকৰণকে ধৰি আন সমস্যাসমূহ সমাধান হ’ব লাগিব।’
উল্লেখ্য যে পহিলা ডিচেম্বৰৰ পৰা ১০৮ মৃত্যুঞ্জয় সেৱাৰে জড়িত চালক, ইএমটি আৰু ইআৰঅ’সকলে কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এই প্ৰতিবাদৰ জৰিয়তে তেওঁলোকে চাকৰি নিয়মীয়াকৰণ, মান সম্পন্ন মজুৰি প্ৰদান, অতিৰিক্ত সময় কামৰ বিনিময়ত অতিৰিক্ত মজুৰি, বছৰি বোনাছ প্রদানকে ধৰি বহুকেইটা দাবী উত্থাপন কৰি আহিছে; কিন্তু চৰকাৰ তথা কর্তৃপক্ষই তেওঁলোকৰ আন্দোনলৰ প্ৰতি সঁহাৰি প্ৰদান নকৰি বহু সংখ্যক চালক-কৰ্মচাৰীক জাননী জাৰি কৰি চাকৰি পৰা বৰ্খাস্তকৰণৰ ভাবুকি প্রদান কৰিছিল।
এই ভাবুকি নেওচি চালক-কর্মচাৰীসকলে ন্যায্যপ্ৰাপ্তিৰ দাবীৰে আন্দোলন অব্যাহত ৰাখিছে। সমান্তৰালভাৱে এই আন্দোলনৰ ফলত প্রথমাৱস্থাত জৰুৰীকালীন সেৱাত ব্যাঘাত জন্মাত চৰকাৰ তথা কর্তৃপক্ষই অস্থায়ী কৰ্মচাৰীক নিযুক্ত কৰি সেৱা পুনৰ আৰম্ভ কৰাৰ পাছতে কঠোৰ পদক্ষেপৰে কালি আন্দোলনৰত ৮৫০জন চালক-কর্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে।






























