Ex Minister Gunin Hazarika:
অসম আন্দোলনৰ অগ্ৰণী নেতা তথা প্ৰাক্তন উদ্যান মন্ত্ৰী গুণীণ হাজৰিকাই অৱশেষত ৰাজনীতিৰ পৰা সন্যাস লোৱাৰ কথা ঘোষণা কৰে ৷ অসম চুক্তি সম্পাদনৰ পিছত প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বত গঠন হোৱা অগপ চৰকাৰত উদ্যোগ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল হাজৰিকাই। কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা ১৯৮৬,১৯৯৬ আৰু ২০০১চনত বিধায়ক হিচাপে কে’বাবাৰো নিৰ্বাচিত হৈছিল গুণীণ হাজৰিকা ৷ শেহতীয়াকৈ স্বাস্থ্যজনিত আৰু আদৰ্শগত কাৰণত বহুদিন ধৰি দলীয় কামকাজৰ পৰা আঁতৰি থাকি সাহিত্য আৰু সামাজিক ক্ষেত্ৰত জড়িত হৈ থকা হাজৰিকাই অৱশেষত দলত্যাগৰ সিদ্ধান্ত লয়।
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈকে মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত বৰ্ষীয়ান ৰাজনীতিক গৰাকীয়ে অগপ দলৰ পৰা পদত্যাগৰ কৰাৰ লগতে ৰাজনীতিৰ পৰা সন্যাস লোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷।
আনহাতে অগপ দল ত্যাগ কৰাৰ ক্ষেত্ৰত বৰ্ষীয়ান ৰাজনীতিক গৰাকীয়ে কয়,ছদ্মবেশী আঞ্চলিকতাবাদীৰ হাতত সুৰক্ষিত নহয় আঞ্চলিকতাবাদ’। এনেক্ষেত্ৰত আমাৰ দৰে সামাজিকভাৱে দায়বদ্ধ থকা লোক সকল তথাকথিত আঞ্চলিকতাবাদীৰ স’তে সহাৱস্থান কৰাটো সম্ভৱ নহয় ৷ সেয়েহে দল আৰু ৰাজনীতি ত্যাগ কৰি এতিয়াৰ পৰা সামাজিক আৰু সাহিত্য ক্ষেত্ৰত মনোনিৱেশ কৰি যাম ৷
