GST Raids:
কামৰূপ জিলাৰ সদৰ আমিনগাঁৱত জিএছটিৰ অভিযান। মেকলিয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ কার্যালয়ত অৰ্তকিতে অভিযান চলাই জিএছটিৰ বিশেষ অভিযানকাৰী দলে ৷ ৰাজ্যৰ প্ৰায় ৩০ খন চাহ বাগিচা থকা প্ৰতিষ্ঠানটোৱে বৃহৎ পৰিমাণৰ কৰ ফাঁকি দিয়াৰ তথ্য লাভ কৰিছিল জিএছটি বিভাগে ৷ ইতিমধ্যে প্ৰাৰম্ভিক তদন্তত লাভ কৰা তথ্য অনুসৰি বুধবাৰে জিএছটিয়ে প্ৰতিষ্ঠানটোৰ কাৰ্যালয়ত দীৰ্ঘসময় ধৰি অভিযান চলাই কেতবোৰ নথিপত্ৰ জব্দ কৰিছে ৷ উল্লেখ্য য়ে বহুজাতিক প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয় কলকাতাত ৷
