Heroin Seize in Silchar:
ক্ৰমাৎ যেন ড্ৰাগছ সৰবৰাহকাৰীৰ কৰিডৰত পৰিণত হৈছে বৰাক উপত্যকাৰ বাণিজ্যিক চহৰ শিলচৰ। ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈছে যদিও সৰবৰাহকাৰী টিঘিলঘিলনি অব্যাহত আছে ৷ শিলচৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত দুধপাতিলত এখন বাহনৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় ৩৮৮ গ্রাম হেৰ’ইন ৷ হেৰ’ইন খিনি আনিছিল বহু কেইটা চাবোনৰ বাকচত ৷ গ্ৰেপ্তাৰ কৰে তিনি ড্ৰাগছ সৰবৰাহকাৰীক ৷ ধৃত সৰবৰাহকাৰী তিনিটা হ’ল নজৰুল হুছেইন, জছিম উদ্দিন আৰু দিলদাৰ হুছেইন। আৰক্ষীয়ে সদৰি কৰা মতে জব্দকৃত হেৰ’ইন খিনিৰ মূল্য প্ৰায় ২.২ কোটি টকা ৷
ADVERTISEMENT




































