Rajib gurung Passes Away:
চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক তথা সৰুপেটাৰ বৰলীয়াপাৰা নিবাসী কুমাৰ ৰাজীৱ গুৰুঙৰ মঙ্গলবাৰে নিশা চিকিৎসাজনিত কাৰণত হস্পিতাললৈ নিয়াৰ পথত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫৬ বছৰ। কুমাৰ ৰাজীৱ গুৰুং বিজনী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত থকাৰ উপৰিও বিজনীৰ পৰা ‘দ্যা আছাম ট্ৰিবিউন’ আৰু ‘দৈনিক অসম’ কাকতৰ সংবাদদাতা হিচাপে সংবাদসেৱা আগবঢ়াই আহিছিল। জানিব পৰা অনুযায়ী দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত আছিল কুমাৰ ৰাজীৱ গুৰুং। তেখেতৰ মৃত্যুত বিজনী মহাবিদ্যালয় কতৃপক্ষ, বিজনী প্ৰেছ ক্লাব, বিজনী প্ৰেছ গীল্ড, বিজনী জাৰ্ণেলিষ্ট ফ’ৰাম, বিজনী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন উপ-সভাপতি তথা বিশিষ্ট সমাজ কৰ্মী ৰবীন্দ্ৰ নাথ দাসে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। উল্লেখ্য যে বিগত ১৯৯২ চনৰ পৰা বিজনী মহাবিদ্যালয়ত কৰ্মৰত আছিল কুমাৰ ৰাজীৱ গুৰুং।
