Sarbananda Sonowal:উত্তৰ-পূবৰ ৰাজ্যসমূহত আভ্যন্তৰীণ জল পৰিবহণ সুবিধা সমূহৰ আধুনিকীকৰণকৰা হ’ব

ৰাজ্যসভাত সদৰি জাহাজ পৰিবহণ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱাল

WhatsApp Image 2025 12 17 at 4.58.23 PM

Sarbananda Sonowal:

ৰাজ্যসভাত উত্তৰ-পূবৰ ৰাজ্যসমূহত আভ্যন্তৰীণ জল পৰিবহণ সুবিধাসমূহৰ আধুনিকীকৰণ সন্দৰ্ভত কে’বাজনো সাংসদে সোধা প্ৰশ্নোত্তৰত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে লিখিত উত্তৰত কয় যে উত্তৰ-পূবৰ ৰাজ্যসমূহত (এনইআৰ) আভ্যন্তৰীণ জল পৰিবহণ সুবিধাসমূহৰ আধুনিকীকৰণৰ বাবে গ্ৰহণ কৰা পৰিৱৰ্তনমূলক পদক্ষেপসমূহ তলত দিয়া ধৰণৰঃ

২০২০-২১ৰ পৰা ২০২৪-২৫ৰ সময়ছোৱাত ৪৯৮কোটি টকাৰে ৰাষ্ট্ৰীয় জলপথ (এনডব্লিউ)-২ (ব্ৰহ্মপুত্ৰ নদী)ৰ ব্যাপক উন্নয়নৰ কাম হাতত লোৱা হৈছে। প্ৰধান প্ৰকল্পসমূহৰ ভিতৰত আছে বগীবিল আৰু যোগীঘোপা টাৰ্মিনেল নিৰ্মাণ, বগীবিল আৰু পাণ্ডুত পৰ্যটক জেটি নিৰ্মাণ আৰু মসৃণ শ্বিপিং আৰু নেভিগেচনৰ বাবে নেভিগেচনেল সহায়ক স্থাপন। ইয়াৰ উপৰি, পাণ্ডুত এখন জাহাজ মেৰামতিৰ সুবিধা আৰু পাণ্ডু বন্দৰৰ সৈতে ৰাষ্ট্ৰীয় ঘাইপথ ২৭ক সংযোগ কৰা এটা উত্তোলিত পথ নিৰ্মাণ তথা জাহাজ মেৰামতিৰ সুবিধাও ৪১৯ কোটি টকা ব্যয়েৰে হাতত লোৱা হৈছে।

২০২০-২১ৰ পৰা ১৩৪.৭২কোটি টকাৰে এনডব্লিউ-১৬ (বৰাক নদী)ৰ ব্যাপক উন্নয়ন কৰা হৈছে। মূল প্ৰকল্পসমূহৰ ভিতৰত আছে বদৰপুৰ আৰু কৰিমগঞ্জৰ টাৰ্মিনেলসমূহৰ উন্নয়ন, ফেয়াৰৱে উন্নয়ন, নেভিগেচনেল সহায়কসমূহৰ ৰক্ষণাবেক্ষণ আৰু এম্ফিবিয়ান ড্ৰেজাৰ আদিৰ ক্ৰয় আদি।

চন্দ্ৰপুৰ (কামৰূপ) ৰ পৰা হাটশিঙিমাৰীলৈ (দক্ষিণ শালমাৰা-মানকাছৰ)৩০০মেট্ৰিক টন চিমেণ্টৰে এনডব্লিউ-৫৭ (কপিলি নদী) কাৰ্য্যকৰী কৰা হৈছে।

উত্তৰ-পূবৰ ৰাজ্যসমূহত আইডব্লিউটিৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় খণ্ডৰ আঁচনি (চিএছএছ) ৰ অধীনত টাৰ্মিনেল আৰু ফেয়াৰৱে উন্নয়নৰ লগতে সৰু যাত্ৰীবাহী জাহাজ ক্ৰয়ৰ বাবে প্ৰকল্পসমূহ অনুমোদন কৰা হৈছে।

বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে (এম অ’ পি এছ ডব্লিউ) উত্তৰ-পূব অঞ্চলত নদী-ক্ৰুজ পৰ্যটনক সক্ৰিয়ভাৱে প্ৰচাৰ কৰি আছে। ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে (আই ডব্লিউ এ আই), এম অ’ পি এছ ডব্লিউ-ৰ অধীনত এটা স্বায়ত্তশাসিত সংস্থাই এন ডব্লিউ-ত সমৰ্পিত ক্ৰুজ টাৰ্মিনেল বিকশিত কৰি আছে। ক্ৰুজ টাৰ্মিনেলৰ উন্নয়নৰ বাবে নিৰ্ধাৰিত স্থানসমূহৰ ভিতৰত আছে গুৱাহাটী, নিমাতী, বিশ্বনাথ ঘাট, শিলঘাট আৰু গুইজান।

সাগৰমালা ফাইনেন্স কৰ্পোৰেচন লিমিটেড, আই ডব্লিউ এ আই আৰু অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ তথা পৰ্যটন বিভাগৰ সমন্বিত এক বিশেষ বাহন (এছ পি ভি)-এ হপ-অন হপ-অফ মডেলৰ অধীনত উপযুক্ত জাহাজ ব্যৱহাৰ কৰি সাতটা মন্দিৰ, যেনে লচিত ঘাট, অশ্বক্লান্ত মন্দিৰ ঘাট, দৌল গোবিন্দ মন্দিৰ ঘাট, হনুমান মন্দিৰ ঘাট (উজান বজাৰ), উমানন্দ ঘাট, পাণ্ডুনাথ ঘাট আৰু কামাখ্যা মন্দিৰক সংযোগ কৰা এক ধৰ্মীয় পৰ্যটন চক্ৰৰ বিকাশৰ কাম হাতত লোৱা হৈছে।

Exit mobile version