Delhi:✒️ভয়াৱহ প্ৰদূষণৰ কবলত পৰা দিল্লী আৰু দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (দিল্লী-এনচিআৰ) ৰ প্ৰদূষণ নিয়ন্ত্ৰণত চৰকাৰী পদক্ষেপ সম্পূর্ণরূপে ব্যর্থ হোৱা বুলি বুধবাৰে উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে। মৌখিকভাবে এই মন্তব্য কৰি দেশৰ মুখ্য ন্যায়াধীশ সূর্য কান্ত নেতৃত্বাধীন এখন বিচাৰপীঠে কয় যে প্রদূষণ ৰোধৰ বাবে তাৎক্ষণিক পদক্ষেপৰ পৰিৱৰ্তে দীর্ঘম্যাদী পৰিকল্পনাৰ প্রয়োজন।
উল্লেখ্য যে দিল্লীৰ প্ৰদূষণ ৰোধত চৰকাৰী পদক্ষেপ যথাযথ নহয় বুলি অভিযোগ উত্থাপন কৰি অলপতে একাংশ সর্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। কালি মুখ্য ন্যায়াধীশ কান্তৰ বিচাৰপীঠে এইসকলৰ আবেদনৰ শুনানি গ্রহণ কৰে। শুনানি গ্ৰহণৰ সময়ত প্ৰদূষণ নিয়ন্ত্ৰণৰ চৰকাৰী পদক্ষেপক লৈ বিচাৰপীঠে অসন্তুষ্টিও প্রকাশ কৰে।
তদুপৰি ন্যায়ালয়ে যান-বাহনৰ চলাচল স্বাভাবিক ৰাখি প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ স্বাৰ্থত দিল্লীৰ নটা টোল প্লাজা বন্ধ বা স্থানান্তৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰে। অর্থাৎ এই টোল প্লাজাসমূহত যান-বাহন ৰখোৱাৰ ফলতো প্ৰদূষণৰ মাত্রা বৃদ্ধি পায় বুলি ন্যায়ালয়ে বিবেচনা কৰে। টোল প্লাজাসমূহ দিল্লীৰ প্রৱেশ পথসমূহত অৱস্থিত।
অভিযোগ অনুসৰি, এই টোল প্লাজাসমূহৰ সম্মুখত যান-বাহনৰ দীঘলীয়া শাৰীৰ সৃষ্টি হয়। ফলত মহানগৰখনত যান-জটৰ সমস্যাও বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালভাৱে এই যান-বাহনসমূহৰ পৰা নির্গত ধোঁৱাই প্ৰদূষণৰ মাত্ৰা অধিক বৃদ্ধি কৰিছে। কালি ন্যায়ালয়ে সমগ্র শীতকালত এই টোল প্লাজাসমূহ বন্ধ ৰাখিবলৈ নির্দেশ জাৰি কৰে। তদুপৰি বি এছ-৪ নির্গমন মানৰ তলৰ যান-বাহনসমূহৰ বিৰুদ্ধে ব্যবস্থা গ্রহণ কৰিবলৈও কর্তৃপক্ষক অনুমতি দিয়ে ন্যায়ালয়ে।
আনহাতে, উক্ত ন টোল প্লাজা তিনি-চাৰি মাহৰ বাবে বন্ধ কৰাৰ ক্ষেত্রত ন্যায়ালয়ে বিবেচনাৰ কর্তৃত্ব প্ৰদান কৰে দিল্লী পৌৰ নিগম (এমচিডি) ক। এমচিডিৰ অধিবক্তায়ো আজি ন্যায়ালয়ত আঙুলিয়াই দিয়ে যে এই ন টোল প্লাজায়ো দিল্লী-এনচিআৰত প্ৰদূষণৰ মাত্রা বৃদ্ধি কৰিছে। তেতিয়া ন্যায়ালয়ে এই টোল প্লাজাসমূহ বছৰৰ অক্টোবৰৰ পৰা জানুৱাৰীলৈ বন্ধ ৰখাৰ দিশ বিবেচনাৰ কর্তৃত্ব এমচিডিক প্ৰদান কৰে। উল্লেখ্য যে দিল্লী-এনচিআৰত অক্টোবৰৰ পৰা জানুৱাৰী সময়ছোৱাত বায়ু প্ৰদূষণৰ মাত্রা সর্বোচ্চ হয়।
অৱশ্যে ন্যায়ালয়ত এমচিডিৰ অধিবক্তাই উল্লেখ কৰে যে এই টোল প্লাজাসমূহ বন্ধ ৰখাৰ সময়ছোৱাত পৌৰ নিগমে বাহনসমূহৰ পৰা সংগ্ৰহ কৰা কৰ নাপাব। তেতিয়া ন্যায়ালয়ে ঘাইপথ প্ৰাধিকৰণক টোল প্লাজাসমূহৰ স্থান সলনিৰ কথা বিবেচনা কৰিবলৈ নিৰ্দেশ দিয়ে। একেদৰে বি এছ-৪ নির্গমন মানৰ তলৰ যান-বাহনসমূহৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ ন্যায়ালয়ে দিল্লী চৰকাৰক নির্দেশ জাৰি কৰে।






























