SIR:✒️আন কে’বাখনো ৰাজ্যৰ লগতে বর্তমানে উত্তৰ প্ৰদেশতো চলি থকা ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ) ৰ প্ৰক্ৰিয়াৰ সময়ত লক্ষ্ণৌৰ বস্তি অঞ্চলসমূহৰ ক্ষেত্ৰত অসমৰ দুখন জিলাৰ নাম বাৰে বাৰে চৰ্চালৈ আহিছে।
এই বস্তি অঞ্চলসমূহৰ বহু বাসিন্দাই নিজৰ প্ৰকৃত ঘৰৰ ঠিকনা অসমৰ বৰপেটা বা কামৰূপজিলা বুলি উল্লেখ কৰিছে। নির্বাচন আয়োগৰ বিধি ব্যৱস্থা অনুসৰি, চৰকাৰী কৰ্মচাৰীয়ে ভোটাৰৰ ঘৰে ঘৰে গৈছে। তেতিয়াই পোহৰলৈ আহিছে যে লক্ষ্ণৌৰ বস্তি অঞ্চলসমূহৰ এক বৃহৎসংখ্যক বাসিন্দাই তেওঁলোকৰ প্ৰকৃত ঘৰ বৰপেটা বা কামৰূপ জিলাত বুলি উল্লেখ কৰিছে।
উল্লেখ্য যে কামৰূপ বা বৰপেটাৰ পৰা লক্ষ্ণৌৰ দূৰত্ব ১৫শ কিলোমিটাৰ। এনেদৰে এক বৃহৎ বস্তি বাসিন্দাই তেওঁলোকৰ প্ৰকৃত ঘৰ কামৰূপ বা বৰপেটাত বুলি উল্লেখ কৰাটোৱে ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ স’তে জড়িত থকা বিষয়াসকলৰ মনত সন্দেহৰ উদ্রেক কৰিছে। গতিকে এইসকল ভোটাৰ সম্পৰ্কে অধিক অনুসন্ধান আৰম্ভ কৰিছে নির্বাচনী বিষয়াই। এই প্রক্রিয়াত ভোটাৰসকলে দাখিল কৰা তথ্যৰ পুনঃ পুনঃ পৰীক্ষা কৰা হৈছে।
ভোটাৰসকলৰ ভাষ্যও গ্রহণ কৰা হৈছে। সূত্রই জনোৱা মতে, আৰক্ষী আৰু পৌৰ প্ৰশাসনৰ যুটীয়া দলে লক্ষ্ণৌৰ হজৰতগঞ্জ আৰক্ষী থানাৰ অন্তর্গত গুদাম্বা, ডুবাপ্পা, ইন্দিৰা নগৰ, খাদ্রা, পাৰা, বিজনৌৰ আৰু আন অঞ্চলসমূহত থকা অনানুষ্ঠানিক বসতিস্থলসমূহৰ জৰীপ কৰি আছে। এই বস্তি অঞ্চলসমূহত প্রব্রজনকাৰী শ্রমিকে বাস কৰে।
এনে শ্রমিকৰ মাজত আৱৰ্জনা সংগ্ৰহকাৰী, নির্মাণ কামত নিয়োজিত, ঘৰুৱা কাম-বনত নিয়োজিত আৰু ক্ষুদ্র উৎপাদন উদ্যোগত নিয়োজিত শ্রমিক আছে। এই সম্পর্কত এছআইআৰ প্ৰক্ৰিয়াৰ স’তে জড়িত একাংশ জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা অনুসৰি, ভোটাৰ তালিকা পুনৰীক্ষণৰ এই প্ৰক্ৰিয়াত ভোটাৰৰ নথি-পত্ৰ পৰীক্ষণৰ লগতে অধিক দিন বাস কৰা প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু নথি-পত্ৰ অবিহনে বাস কৰা লোকৰ তথ্যও পৰীক্ষা কৰা হৈছে।
আনহাতে, লক্ষ্ণৌ দক্ষিণৰ উপ-আৰক্ষী আয়ুক্ত নিপুন আগৰৱালে কয় যে বিজনৌৰ আৰক্ষী থানাৰ অন্তৰ্গত ঔৰংগাবাদ অঞ্চলৰ বহু লোকে তেওঁলোকৰ প্রকৃত ঘৰ কামৰূপ বা বৰপেটা বুলি উল্লেখ কৰিছে। একেদৰে গুদুম্বা আৰক্ষী থানাৰ অধীনত ফুলবাগ কল’নীৰ হাতে সজা ঘৰত বাস কৰা তিনি শতাধিক লোকৰ অধিকাংশই তেওঁলোক বৰপেটা বা কামৰূপৰ পৰা প্ৰৱজন কৰা বুলি প্ৰকাশ কৰিছে। ইয়াৰে বহুসংখ্যকে অসমৰ এনআৰচিত থকা নামৰ তথ্যও প্ৰদৰ্শন কৰিছে। জীৱিকাৰ সন্ধানত লক্ষ্ণৌত পদার্পণ কৰা বুলি দাবী কৰা এই লোকসকলে প্রকাশ কৰিছে যে তেওঁলোকৰ প্ৰজন্মৰ পাছত প্ৰজন্মই অসমত বাস কৰি আছে।
এনে এজন ব্যক্তি গুলফান আলীয়ে কয়, ‘মোৰ পৰিয়াল বৰপেটাৰ। মোৰ এনআৰচিত নাম আছে। মই এনআৰচিৰ কাগজ-পত্ৰ ইয়াৰ স্থানীয় লোক আৰু চৰকাৰী বিষয়াবৰ্গক দেখুৱাইছো। তথাপি আমাৰ ওপৰত বাৰে বাৰে আতিশয্য চলাই থকা হৈছে। অসম চৰকাৰে বিষয়টোত হস্তক্ষেপ কৰা উচিত আৰু আমাৰ নাগৰিকত্বৰ বিষয়টো স্পষ্ট কৰা উচিত।’
আন একাংশই দাবী কৰে যে তেওঁলোকে অসমত সংস্থাপনৰ সুযোগ নোপোৱা বাবেই লক্ষ্ণৌত আহিবলগীয়া হয়। লক্ষ্যণীয়ভাবে উত্তৰ প্ৰদেশতো নিবনুৱা সমস্যা ভয়াবহ। ইপিনে, এনে একাংশ লোকে প্রয়োজনীয় তথ্যপাতি দেখুওৱাত ব্যর্থ হয় বুলি এজন চৰকাৰী বিষয়াই জনায়। একেদৰে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে অসমৰ উক্ত দুই জিলাৰ নাম বাৰে বাৰে উচ্চাৰণ কৰা বহুতে বৈধ কাগজ-পত্র দেখুওৱাত ব্যর্থ হোৱাত তেওঁলোকক লৈ উদ্বেগৰ সৃষ্টি হৈছে। গতিকে এইসকলে প্রকৃত তথ্য প্রকাশ কৰিছে নে নিজকে ৰক্ষা কৰিবলৈ অসমৰ এই দুই জিলাৰ নাম লৈছে সেই সম্পৰ্কত পৰীক্ষা-নিৰীক্ষা চলি আছে বুলি আৰক্ষী বিষয়াজনে জানিবলৈ দিছে।
ইতিমধ্যে এই ক্ষেত্ৰত পৌৰ প্রশাসনে নিজাববীয়া ব্যবস্থা গ্রহণ কৰিছে। এই সম্পর্কত এজন বিষয়াই কয়, ‘অসমৰ বাসিন্দা বুলি দাবী কৰা কিছুসংখ্যক প্ৰব্ৰজনকাৰীয়ে অসমৰ এই দুয়োখন জিলাৰ পৰা পৰিচয়পত্র সংগ্ৰহ কৰিছে। আন একাংশই আকৌ তেওঁলোক পশ্চিমবংগৰ বুলি দাবী কৰিছে। গতিকে বিষয়টো জটিল আৰু বিভিন্ন পর্যায়ত সংস্থাসমূহৰ মাজত সমন্বয়ৰ প্ৰয়োজন হৈছে।’
আনহাতে, এই সম্পর্কত লক্ষ্ণৌৰ মেয়ৰ সুষমা খার্কোৱালে কয় যে শেহতীয়াভাৱে তেওঁলোকে বস্তি অঞ্চলসমূহত এক তালাচী চলায়। এই তালাচীৰ সময়ত এক বৃহৎ সংখ্যক বাসিন্দাই নথি-পত্র দেখুৱাব নোৱাৰিলে বুলি মেয়ৰগৰাকীয়ে সদৰী কৰিছে। এই সম্পর্কত তেওঁ আৰু কয়, ‘বস্তি অঞ্চলসমূহত বাস কৰা তিনিশৰ পৰা চাৰিশ লোকৰ নগণ্য সংখ্যকেহে আধাৰ কার্ড দেখুৱাবলৈ সক্ষম হয়। বহুতে তেওঁলোকৰ ঠিকনা আৰু স্থানীয় বিধায়কৰ নামো ক’ব নোৱাৰিলে। এইসকলক ১৫ দিনৰ ভিতৰত স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰোহিংগ্যা বা বাংলাদেশী বুলি সন্দেহ ঘনীভূত হোৱাত অনুপ্ৰৱেশকাৰীসকলক বাধা দিয়াৰ উদ্দেশ্যে লক্ষ্ণৌ পৌৰ নিগমৰ অধীনত আমি অভিযান চলাই আছো।’
লক্ষ্যণীয়ভাৱে এই নথি-পত্ৰ পৰীক্ষণৰ ফলত পৌৰ নিগমৰ কাম-কাজতো প্রভাৱ পৰিছে। পৌৰ নিগমৰ অধীনত শ্ৰমিকৰূপে নিয়োজিত ১৬০জন ব্যক্তিক নথি-পত্র দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতে তেওঁলোক কামলৈ আহিবলৈ এবে। উল্লেখ্য যে এক তথ্য অনুসৰি, আৱৰ্জনা সংগ্ৰহকাৰীৰূপে লক্ষ্ণৌত থকা শ্রমিকৰ সংখ্যা ৩০ৰ পৰা ৯০ হেজাৰৰো অধিক হ’ব। বহুতে অসমৰ পৰা লক্ষ্ণৌলৈ শ্রমিক যোৱাৰ প্ৰক্ৰিয়া সহজ কৰি তোলা বুলিও সূত্রই প্রকাশ কৰিছে।






























