সকলোৱে ভাবিব যে স্নান কৰাৰ দৰে প্ৰতিদিনৰ অতি সাধাৰণ কামত বাৰু কি জটিলতা থাকিব পাৰে? অৱশ্যে সেইদৰে ভবাটোৱেই এটা ডাঙৰ ভুল হৈ পৰিব পাৰে। এই ভুল আমাৰ সকলোৰে হয়। অথচ এই ভুলৰ ফলত যি শাৰীৰিক ক্ষতি হয়, সেই ক্ষতিক কিন্তু একেবাৰে অৱহেলা কৰিব নোৱাৰি। স্নানৰ সময়ত বাৰু আপুনি কি কি ভুল কৰে?
⇨ গৰম পানীৰে স্নান কৰিবলৈ ভাল পায়? দিনটোৰ শেষত নিজগৃহত উপস্থিত হৈ দীর্ঘক্ষণ ধৰি গৰম পানীৰে স্নান কৰে নেকি? যদি কৰে, তেন্তে ইয়াৰ দ্বাৰা আপুনি নিজৰ ডাঙৰ সমস্যা মাতি আছে। গৰম পানীৰে গা ধুলে ছাল আৰু চুলিৰ প্ৰচুৰ ক্ষতি হয়।
⇨ স্নানৰ পৰত আঙুলিৰে মূৰৰ ছাল ঘঁহাৰ অভ্যাস থাকিলে আজিৰে পৰাই বন্ধ কৰক। কিয়নো সিক্ত চুলিত বেছিকৈ আঙুলিৰে পিহিলে চুলিৰ ক্ষতি হয়। চুলিৰ আগ ফটা সমস্যায়ো দেখা দিব পাৰে।
⇨ স্নানৰ পাছত গা ঘঁহা সামগ্রী (ভোলৰ জিম, প্লাষ্টিকৰ জিম আদি) ভালদৰে পৰিষ্কাৰ কৰি ৰাখেনে? অপৰিষ্কাৰ জিম কিন্তু জীৱাণুৰ ভঁড়াল। পাছৰবাৰ সেই জিম পুনৰ গাত ঘঁহিলে ছালত সংক্রমণ হ’ব পাৰে। প্রতি তিনি মাহৰ অন্তৰালত এই জিম সলনি কৰাটো অতি জৰুৰী।
⇨ স্নানৰ বাবে সঠিক চাবোন বাছি ল’ব। মঈশ্বাৰাইজাৰ যুক্ত চাবোন ব্যৱহাৰ কৰিব। বৰ বেছিকৈ চাবোন ঘঁহিলেও ছাল বেয়া হয়।
⇨ স্নানৰ পাছত সমগ্ৰ শৰীৰত মঈশ্বাৰাইজাৰ সানিবলৈ অতি বেছি পলম নকৰিব। গা তিতি থকা অৱস্থাতে লোছন সানিব। তেতিয়াহে ছাল নৰম হৈ থাকিব।
