Dhing:
এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গ’ল নগাঁৱৰ ধিং অঞ্চল। শুই থকা অৱস্থাতে পত্নী আৰু দুই সন্তানক কুঠাৰেৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰে পিতৃয়ে ৷ এই শিহৰণকাৰী ঘটনা সংঘটিত হয় ধিঙৰ কাছখাটিত ৷ পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড ৷ হত্যাকাণ্ডৰ বলী হয় তাজমিনা খাতুন, দুই কন্যা আৰহান হাছান, দিল হাছাৰ |
ADVERTISEMENT
ইতিমধ্যে হত্যাকাৰী এমদাদুল ইছলামক গ্ৰেপ্তাৰ কৰিছে ধিং আৰক্ষীয়ে। আনহাতে তিনি মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷




































