Gaurav Gogoi:এআইইউডিএফৰে কংগ্ৰেছৰ মিত্ৰতা নস্যাৎ গৌৰৱ গগৈৰ

WhatsApp Image 2025 12 19 at 5.45.54 PM

Gaurav Gogoi:

ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকা অৱস্থাত শাসক- বিৰোধী সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ৷ ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ৰাইজৰ দল,অসম জাতীয় পৰিষদ,বাওঁমৰ্চা সহ সাতটা দলৰে মিত্ৰতা পাশত আবদ্ধ হোৱাৰ দিশে অগ্ৰসৰ দিশে আগবাঢ়ি যোৱাৰ বিপৰীতে অকলশৰীয়া হৈ পৰিছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ ৷ আজমলে তেওঁ দলৰে কংগ্ৰেছে মিত্ৰতা নকৰাটো সুনিশ্চিত হোৱাৰ পিছত শেহতীয়াকৈ টাৰ্গেট কৰি লৈছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ ৷ আগন্তুক নিৰ্বাচনত বিহাৰৰ দৰে দশা হ’ব বুলি মন্তব্য কৰে ৷

আনহাতে বদৰুদ্দিন আজমল উচ্চবাচ্যক গৌৰৱ গগৈ কয়,আগন্তুক নিৰ্বাচনত এআইইউডিএফৰে কোনো ক্ষেত্ৰতে কংগ্ৰেছৰ মিত্ৰতা নহয় ৷ সাম্প্ৰদায়িক দলটো এইবাৰ নিৰ্বাচনত ধুলিসাৎ হ’ব

উল্লেখ্য যে গৌৰৱ গগৈয়ে আজি মৰিয়নি নাগাজাংকাত হাতীৰ আক্ৰমণত মৃত্যু হোৱা মদন চুতীয়াৰ বাসগৃহত উপস্থিত হয় আৰু পৰিয়ালটো সৈতে মতবিনিময় কৰে ৷
লগতে মৰিয়নি অঞ্চলত দৈনিক সংঘটিত হৈ থকা হাতীৰ ধাৰাবাহিক আক্ৰমণৰ ঘটনাক ৰোধ কৰাৰ ক্ষেত্ৰত বন বিভাগে যথোপযুক্ত পদক্ষেপ লোৱাৰ আশা কৰে ৷

Exit mobile version