Special Marriage:নগাঁৱত সম্পন্ন হ’ল এখন ব্যতিক্রমী বিবাহ

দৰা-কইনাই অতিথিক বিদায় পৰত আগবঢ়ালে একোটাকৈ গছপুলি

WhatsApp Image 2025 12 19 at 4.17.07 PM

Special Marriage:

নগাঁও চহৰৰ খুটিকটীয়াৰ ডিআৰটি বিবাহ ভবনত এখন ব্যতিক্রমী বিবাহে শেহতীয়াকৈ সাধাৰণ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। চহৰৰ ভুঞাপট্টিৰ নিৱাসী পুষ্পেন্দ্ৰ বৰদলৈ আৰু বলু বৰদলৈৰ জ্যেষ্ঠ পুত্র লক্ষ্যজ্যোতি বৰদলৈৰ নগাঁও চহৰৰ কছলুখোৱাৰ নিৱাসী দিলীপ কুমাৰ পাল আৰু প্ৰয়াত শিখা পালৰ একমাত্র কন্যা সুস্মিতা পালৰ স’তে এই বিবাহৰ অভ্যর্থনা অনুষ্ঠিত হৈছিল। তেজপুৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা কইনা সুস্মিতা আৰু দৰা শোণিতপুৰৰ নদুৱাৰ সম-জিলা আয়ুক্ত কার্যালয়ৰ কনিষ্ঠ উন্নয়ন বিষয়াৰূপে কৰ্মৰত লক্ষ্যজ্যোতিয়ে বিবাহৰ অভ্যর্থনাস্থলীত অভ্যর্থনা অনুষ্ঠানৰ পাছতে অভ্যাগতসকলে তেওঁলোকক মৰম আৰু আশীর্বাদ জনাই স্বগৃহলৈ উভতি যোৱাৰ সময়ত দৰা-কইনাই প্রত্যেককে একোটিকে গছপুলি পৰিৱেশ অনুকুল মোনাত মানৱ সমাজৰ লগতে বিভিন্ন জীৱজগতৰ হিত সাধনৰ উদ্দেশ্যে উপহাৰৰ চিনস্বৰূপে আগবঢ়ায়।

দৰাৰ পিতৃ অসম চৰকাৰৰ বন বিভাগৰ অৱসৰপ্ৰাপ্ত বনাঞ্চলিক বিষয়া বৰদলৈয়েও কনিষ্ঠ পুত্র দিপুজ্জ্বল বৰদলৈ (লাবু)ৰ সহযোগত জ্যেষ্ঠ পুত্র লক্ষ্যজ্যোতি আৰু বোৱাৰী সুস্মিতাই মানৱসমাজৰ কল্যাণৰ হকে লোৱা প্রয়াসক পূর্ণ সমর্থন কৰে। উচ্চ শিক্ষিত নৱদম্পতি লক্ষ্যজ্যোতি আৰু সুস্মিতাই ব্যতিক্রমী চিন্তৰে লোৱা এই বিশেষ পদক্ষেপক অভ্যাগতসকলৰ লগতে শুভাকাংক্ষী ৰাইজে ভূয়সী প্রশংসা কৰিছে। এহেজাৰৰো অধিক গছপুলি বিতৰণ কৰা এই ব্যতিক্রমী বিবাহৰ অভ্যর্থনা অনুষ্ঠানটো দিনদিয়েক আগতে অনুষ্ঠিত হয়।

Exit mobile version