LGBI Airport New Terminal Inauguration:প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ নতুন টাৰ্মিনেল

WhatsApp Image 2025 12 20 at 4.03.49 PM

LGBI Airport New Terminal Inauguration:

দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত আহি উপস্থিত হয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। গুৱাহাটীত অৱতৰণ পাছতে বিমান বন্দৰ চৌহদত প্রধানমন্ত্রী মোদীয়ে উন্মোচন কৰে লোকপ্রিয় গোপীনাথ বৰদলৈৰ প্ৰায় ৮০ ফুট উচ্চতাৰ এটা প্রতিমূর্তি ।

ইয়াৰ পাছতেই তেওঁ ২০০০ কোটি টকা ব্যয়ৰে নৱনিৰ্মিত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ নতুন টাৰ্মিনেলটো উদ্বোধন কৰাৰ লগতে পৰিদৰ্শনো কৰে ৷ ইয়াৰ পাছতে তেওঁ অস্থায়ী প্রেক্ষাগৃহত আয়োজিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে । সভা খনত উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চায, মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰী কিঞ্জৰাপু ৰামমোহন নাইডু,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল,আদানী গ্ৰুপৰ মুৰব্বী গৌতম আদানী আৰু জিৎ আদানী ৷

Exit mobile version