PM Meeting in LGBI Airport Campus:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে গুৱাহাটী এয়াৰপৰ্টৰ নতুন টার্মিনেল

কিছুসময়ৰ পিছতে জালুকবাৰীৰ পৰা বশিষ্ঠলৈ বিশাল কনভয়ৰে মোদীৰ ৰ'ড শ্ব

WhatsApp Image 2025 12 20 at 5.19.05 PM

PM Meeting in LGBI Airport Campus:

২০০০ কোটি টকাৰে নৱনিৰ্মীত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানকোঠৰ নতুন টাৰ্মিনেল শনিবাৰে বিয়লি উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পিছতে এক বিশাল সভাত অংশ লয় ৷ সভাৰ আৰম্ভণীতে প্ৰধানমন্ত্ৰী গৰাকীক মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই সোণ খচিত, মুগা সূতাৰে নিৰ্মিত লোকপ্রিয় গোপীনাথ বৰদলৈৰ ফটো উপহাৰ দিয়ে।

আদৰণি ভাষণত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্ৰী ৰামমোহন নাইডুয়ে কয়, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানকোঠ ভাৰতৰ অন্যতম দশম ব্যস্ততম বিমানকোঠ ৷ আজি উদ্বোধন হোৱা এই টার্মিনেলে বিশ্ববাসীৰ বাবে অসমৰ দুৱাৰ মুকলি কৰিলে। অসমৰ কলা সংস্কৃতিৰ পয়োভৰ নতুন টার্মিনেলত । ২০২৮ চনৰ ভিতৰত অসমত নিৰ্মাণ হ’ব দ্বিতীয়টো টাৰ্মিনেল ।

আনহাতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত কয় ,আমি সকলোৱে জানো এ ফৰ আপেল ৷কিন্ত অচিৰেই জনগনে ক’ব এফৰ আসাম ৷কিয়নো শেহতীয়াকৈ বিজেপি চৰকাৰে উন্নয়ন অশ্বমেধ ঘোঁৰা অসমত যি গতিত আগবাঢ়িছে তাৰ কৃতিত্ব প্ৰধানমন্ত্ৰী মোদীৰ ৷গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল ৷কংগ্ৰেছৰ কোনো এজন প্রধানমন্ত্রীয়ে সন্মান নিদিলে ৷বাজপেয়ী আৰু মোদীয়েহে গোপীনাথ বৰদলৈক প্রকৃত সন্মান দিছে ৷

আজি উদ্বোহন হোৱা নতুন টার্মিনেলৰ লগতে নিৰ্মাণ হ’ব এৰ’ হাব য’ত থাকিব বিশ্বমানৰ হোটেল, ৰেস্তোৰা৷ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে,অহাবৰ্ষৰ জানুৱাৰী মাহত পুনৰ অসমলৈ আহিব প্রধানমন্ত্রী ৷কাজিৰঙাত এলিভেটেড ক’ৰিডৰ আধাৰশিলা স্থাপন কৰিব ৷

সভাৰ মধ্যমণি প্ৰধানমন্ত্ৰী মোদী তেওঁৰ স্বভাৱসূলভ ভংগীমাৰে ‘ লুইতপৰীয়া ৰাইজলৈ মোৰ শ্ৰদ্ধা আৰু মৰম যাচিছোঁ’ বুলি অসমীয়াতে ৰাইজক সম্ভাষণ জনায় ৷ জনসভাত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় ,ব্ৰহ্মপুত্ৰৰ পানী যেনেকৈ বৈ গৈ আছে ঠিক এইদৰে বিজেপিৰ দ্বৈত ইঞ্জিনৰ চৰকাৰে উন্নয়ন ধাৰা অব্যাহত ৰাখিছে। অসমৰ উন্নয়নৰ গতি কেতিয়াও স্থবিৰ নহয় বৰং ইয়াৰ গতি আৰু তীব্ৰ হ’ব ৷ এতিয়া ৰাজ্যৰ চৌদিশে গুঞ্জৰিত হয় ৰাইজৰ জয় জয়কাৰ ৷ ৰাইজৰ আস্থা আৰু আনুগত্য বিজেপিয়ে আৰ্শীবাদ হিচাপে লৈ ক্ৰমাৎ উন্নয়ন কৰি গৈ থাকিব ৷ আগন্তুক দিনত অসমৰ ৰাইজে বিজেপিক আৰু মৰম দি থাকিব বুলি আশা কৰে ৷ সভাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চায, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোনোৱাল,পবিত্ৰ মাৰ্ঘেৰিটা,আদানী গ্ৰুপৰ মুৰব্বী গৌতম আদানী,গোপীনাথ বৰদলৈৰ সুযোগ্য সন্তান বলীন বৰদলৈ সহ বহু কেই গৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে।

আনহাতে সভা খনৰ পিছতে প্ৰধানমন্ত্ৰী গৰাকীয়ে জালুকবাৰীৰ পৰা বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যক কাৰ্যালয়লৈ এক বিশাল ৰোড শ্ব’ত অংশ লয় ৷ পথৰ দুয়োকাষে ৰৈ থকা অগনন ৰাইজৰ অভিবাদন গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

Exit mobile version