জলজ আৱৰ্জনা ব্যৱস্থাপনা আৰু উপাৰ্জন বিকল্প

0d65787883793e758af3b447090686d9

মাটি বা পানীত সহজে বিয়োজিত হৈ নোযোৱা আৱৰ্জনাবোৰে আমি বাস কৰা গ্ৰহটোৰ বাবে ডাঙৰ এক ভাবুকি কঢ়িয়াই আনিছে যদিও কেতিয়াবা প্রাকৃতিকভারে উপলব্ধ কেতবোৰ উপাদানেও জলজ বা স্থলজ পৰিৱেশ তন্ত্র একোটাক ক্ষতিগ্রস্ত কৰিব পাৰে। পৰিৱেশৰ বাবে প্রতিকূল এনে এবিধ উদ্ভিদ হ’ল পানী মেটেকা।

পানী মেটেকাৰ অত্যধিক আচ্ছাদনে যিকোনো জলজ পৰিৱেশ তন্ত্ৰৰ জলবিজ্ঞান সলনি কৰি দিব পাৰে, যাৰ ফলত ই জলজ জীৱ আৰু অন্যান্য নিৰ্ভৰশীল জীৱৰ বাবে প্রতিকূল হৈ পৰে। গুৱাহাটীৰ সমীপৰে দীপৰ বিলতো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, য’ত পানী মেটেকাৰ অত্যধিক আচ্ছাদনে বিলটোৰ পৰিৱেশ তন্ত্রত ব্যাঘাত জন্মাইছে।

বিলখনৰ ওপৰত নিৰ্ভৰশীল অন্যান্য জলজ উদ্ভিদ আৰু চৰাইৰ প্রজাতিক উদ্ধাৰৰ উদ্দেশ্যে গুৱাহাটীস্থিত এটা স্টার্টআপ ‘কুম্ভি কাগজ’-এ মেটেকাৰ পৰা হাতেৰে নির্মিত আৰু ৰাসায়নিক মুক্ত কাগজ প্ৰস্তুত কৰাৰ এক অভিনব উপায় উলিয়াইছে।

এই স্টার্টআপটোৰ তিনি প্রতিষ্ঠাপক ৰূপাংকৰ ভট্টাচাৰ্য, অনিকেত ধৰ আৰু ডাঃ মাধুৰিমা দাসে এনে এক প্রক্ৰিয়াৰ উদ্ভাৱন কৰিছে যাৰ ফলত ব্রেগুটোরে ১০০ শতাংশ ৰাসায়নিক মুক্ত প্ৰক্ৰিয়াৰ জৰিয়তে কাগজ প্ৰস্তুত কৰাৰ লগতে আবর্জনা ব্যৱস্থাপনাতো অৰিহণা যোগাইছে।

সংস্থাটোৱে পানী মেটেকাৰ আঁহ আৰু কাগজৰ আৱৰ্জনা মিহলি কৰি তাৰ পৰা সৃষ্টিশীল আৰু আকর্ষণীয় ডিজাইনৰ স’তে হাতেৰে নির্মিত ব্লটিং-ফ্রী বহী প্রস্তুত কৰি বিক্ৰীৰ দিহা কৰিছে। ‘কুস্তি কাগজ’ৰ সামগ্রীসমূহ ডিজিটেল প্রিন্টিং, আর্টৱৰ্ক আদিৰ বাবেও উপযুক্ত।

মনকৰিবলগীয়া, ২০২১ত আৰম্ভ হোৱা কুস্তি কাগজ প্রাইভেট লিমিটেডে আজিলৈকে দীপৰ বিলৰ অসংৰক্ষিত অঞ্চলৰ পৰা প্ৰায় ৪২ টনতকৈও অধিক পানী মেটেকা পৰিষ্কাৰ কৰিছে। ফলস্বৰূপে, পানী মেটেকাৰ অতিমাত্রা বৃদ্ধিৰ ফলত ভালদৰে বাঢ়িব নোৱৰা মখনা এতিয়া দীপৰ বিলত পুনৰ গজিবলৈ আৰম্ভ কৰিছে।

কেৱল কুম্ভি কাগজ বুলিয়েই নহয়, আজিৰ তাৰিখত অসমৰ বিভিন্ন প্রান্তত পানী মেটেকা শিল্পই জলজ আৱৰ্জনা ব্যৱস্থাপনাৰ লগতে উপাৰ্জনৰ জনপ্রিয় বিকল্পৰূপে গা কৰি উঠিছে। শিৱসাগৰ জিলাৰ ভটিয়াপাৰ নিৱাসী প্রিয়ম হাজৰিকা নামৰ উদ্যমী মহিলাগৰাকীয়েও মেটেকাৰ আঁহৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰে অসম তথা বিদেশতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

এতিয়ালৈকে ৫০ টাতকৈও অধিক মহিলা গোটক প্রশিক্ষণ প্রদান কৰি তেওঁ স্থানীয় মহিলাসকলক আত্মসংস্থাপনৰো বাট দেখুৱাইছে। একেদৰে গোলাঘাট জিলাৰ ৫০ ঊর্ধ্বৰ স্বাৱলম্বী মহিলা স্বর্ণলতা দত্তই নিজৰ বয়সকো আওকাণ কৰি নিজ হাতেৰে মেটেকা কটাৰ পৰা সামগ্রী প্রস্তুত কৰালৈকে সকলো কাম নিজেই কৰি আন এক আদর্শ দাঙি ধৰিছে।

কোকৰাঝাৰৰ পুষ্পী ব্ৰহ্মই ছাই ইণ্ডাষ্ট্ৰীৰ বেনাৰত মেটেকাৰ আঁহৰ বিভিন্ন সামগ্রী প্রস্তুত কৰি দিল্লী, মুম্বাই আদিলৈ বিক্ৰীৰ বাবে পঠিয়াই উপাৰ্জনৰ বাট বিচাৰি লৈছে। এয়া মাত্র কেইটামানহে উদাহৰণ। এনে উদাহৰণ আৰু বহুত আছে।

উল্লেখ্য যে দেশ-বিদেশৰ বজাৰত এই ধৰণৰ উদ্যোগত উৎপাদিত সামগ্ৰীবোৰৰ চাহিদা ভাল বাবে বিপণন তথা বিক্ৰীৰ বাবে বিশেষ কষ্ট কৰিব নালাগে। অসমৰ যিকোনো উদ্যোগীয়ে পানী মেটেকাৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী সহজতে গুৱাহাটীত থকা ভাৰতীয় উদ্যামিতা প্রতিষ্ঠান, নেডফি, আর্টফেড, খাদী ইণ্ডিয়া, শিল্পগ্রাম আদি যিকোনো প্রতিষ্ঠানৰ জৰিয়তে জাপান, আমেৰিকা, বুলগেৰিয়া আদি দেশলৈ ৰপ্তানি কৰিবও পাৰে।

সেয়েহে নিবনুৱা সমস্যাৰ দিনত এনে উদ্যোগক আঁকোৱালি ল’লে ৰাজ্যৰ বহু যুৱক-যুৱতী উপকৃত আৰু সফল হ’ব পাৰিব।

Exit mobile version