Sharif Osman Hadi:✒️’দিল্লী বা ঢাকা, তেওঁ (শ্বৰীফ ওচমান হাদি)ৰ তেজ অথলে নাযায়’ বুলি অজস্রজনে দিয়া ধ্বনিত কালি কঁপিল বাংলাদেশৰ ৰাজধানী ঢাকাৰ আকাশ-বতাহ। অলপতে আততায়ীৰ গুলিত প্রাণ হেৰুওৱা মৌলবাদী সংগঠনৰ নেতা শ্বৰীফ ওচমান হাদিক আজিঅগণন মৌলবাদীসহ অজস্রজনে শেষ বিদায় জনায়।
আশ্চর্যজনক যে প্রচণ্ড ভাৰত বিৰোধী মৌলবাদী নেতাজনক চৰকাৰী উদ্যোগত বাংলাদেশৰ জাতীয় কবি কাজী নজরুল ইছলামৰ সমাধিস্থলীৰ ওচৰতে সমাধিস্থ কৰা হয়। উল্লেখ্য যে বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়ত পালন কৰা ভূমিকাৰ বাবে বাংলা কবি নজৰুলক বিদ্রোহী কবিৰূপেও জনা যায়। জাতীয় কবিৰ সমাধিৰ কাষতে মৌলবাদী নেতাজনক সমাধিস্থ কৰাক লৈ প্রতিক্রিয়াৰো সৃষ্টি হৈছে।
উল্লেখ্য যে দেশখনৰ অহা ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা সাধাৰণ নির্বাচনতো প্রতিদ্বন্দ্বিতা কৰা ইনকিলাব মঞ্চৰ নেতা হাদিক যোৱা ১২ ডিচেম্বৰত ঢাকাৰ এক অঞ্চলত দুর্বৃত্তই গুলীয়াই হত্যা কৰে। পাছত ছিংগাপুৰলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা মৌলবাদী নেতাজনে যোৱা বৃহস্পতিবাৰে নিশা শেষনিশ্বাস ত্যাগ কৰে। কালি সন্ধিয়া তেওঁৰ নশ্বৰদেহ গৃহভূমিলৈ অনা হয়। আনহাতে হাদিৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে তেওঁৰ সতীর্থ মৌলবাদীসকলে দেশখনত অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰি ধ্বংসলীলাৰ সূচনা কৰে। ফলত অস্তিত্বহীন হৈ পৰা অন্তবর্তী চৰকাৰৰ খোপনি হেৰুওৱাৰ উপক্রম ঘটিছে।
কার্যতঃ এনে পৰিস্থিতি চম্ভালি লোৱাৰ উদ্দেশ্যে শনিবাৰে হাদিৰ শ্রদ্ধাঞ্জলি অনুষ্ঠানত মৌলবাদীসকলক আশ্বস্ত কৰাৰ উদ্দেশ্যে বক্তব্য আগবঢ়ায় ড° মহম্মদ ইউনুছে। হাদিৰ জানাজা নামাজৰ প্ৰাক্র্মুহূৰ্তত ড° ইউনুছে নেতাজনলৈ শ্রদ্ধাঞ্জলি জনাই কয়, ‘তোমাক আজি আমি বিদায় জনাবলৈ অহা নাই। তুমি সদায়ে আমাৰ বুকুৰ ভিতৰত আছা। সকলো বাংলাদেশীৰ বুকুৰ ভিতৰত তুমি আছা।’
দিনৰ তিনি বজাত নশ্বৰদেহ ঢাকা বিশ্ববিদ্যালয়লৈ নিয়া হয়। তাত কেন্দ্রীয় মছজিদত কবি কাজী নজৰুল ইছলামৰ সমাধিৰ কাষত নেতাজনক সমাধিস্থ কৰা হয়। এই অনুষ্ঠানত কে’বাজনো শিক্ষক আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে। জানাজাৰ নামাজক নেতৃত্ব দিয়ে হাদিৰ জ্যেষ্ঠ ভ্রাতৃ আবু বক্কৰে। জানাজা নামাজৰ পাছতে নশ্বৰদেহ কঠোৰ নিৰাপত্তাৰ মাজত ঢাকা বিশ্ববিদ্যালয়ৰ চৌহদলৈ নিয়া হয়। আনহাতে আজি হাদিলৈ শ্রদ্ধাঞ্জলি জনাই বাংলাদেশে ৰাষ্ট্ৰীয় শোক পালন কৰে।
শেষকৃত্যত হাদিলৈ শ্রদ্ধাঞ্জলি জনাই লাখ লাখ মৌলবাদীয়ে ‘দিল্লী বা ঢাকা-ঢাকা, ঢাকা’ আৰু ‘ভ্রাতৃ হাদিৰ তেজ অথলে যাবলৈ দিয়া নহ’ব’ ধ্বনি দি আকাশ-বতাহ কঁপাই তোলে।’ তদুপৰি এই লক্ষ লক্ষ মৌলবাদীয়ে আন কেতবোৰ ৰাজনৈতিক ধ্বনিও দিয়ে। উল্লেখ্য যে শেখ হাছিনা চৰকাৰৰ উৎখাতত অন্যতম মূল ভূমিকা পালন কৰা মৌলবাদী নেতা হাদিয়ে অলপতে উত্তৰ-পূব ভাৰতৰ সাত ৰাজ্যক সামৰি বাংলাদেশক মিলাই ‘গ্ৰেটাৰ বাংলাদেশ’ৰ এক মানচিত্র প্রকাশ কৰে। ক্ষমতাচ্যুত প্রধানমন্ত্রী হাছিনাক ভাবতে আশ্রয় দি ৰখাক লৈয়ো তেওঁ ক্ষোভ প্রকাশ কৰিছিল।
আনহাতে, হাদি হত্যাত জড়িতসকলক চিনাক্ত কৰা হৈছে বুলি বাংলাদেশ আৰক্ষীয়ে প্ৰকাশ কৰিছে। কেৱল সেয়াই নহয়, মৌলবাদী নেতাজনৰ হত্যাত জড়িতসকলে ভাৰতলৈ পলায়ন কৰিব পাৰে বুলিও বাংলাদেশ আৰক্ষীয়ে অভিযোগ উত্থাপন কৰিছে। স্বাভাৱিকতে বাংলাদেশ আৰক্ষীৰ এই অভিযোগক লৈ দুয়ো দেশৰ মাজত কূটনৈতিক জটিলতাৰ সৃষ্টি হৈছে। ইতিমধ্যে নতুন দিল্লীয়ে ভাৰতস্থিত বাংলাদেশী উচ্চাযুক্তক তলবো কৰিছে। গতিকে ভাৰত বিৰোধী নেতাজনৰ শেষকৃত্য অনুষ্ঠানত তেওঁৰ সতীর্থসকলে দিল্লী বা ঢাকা ধ্বনি দিয়াটোবে তাৎপর্য বহন কৰিছে। আজি হাদিৰ শেষকৃত্য উপলক্ষে ঢাকাত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলে চৰকাৰে।
নিৰাপত্তা কটকটীয়া কৰি তোলাৰ স্বাৰ্থত চৰকাৰে আৰক্ষীৰ উপৰি ৰেপিড একচন বেটেলিয়ন, আনছাৰ আৰু সেনাও নিয়োগ কৰে। তদুপৰি হিংসা প্ৰতিৰোধৰ উদ্দেশ্যে চৰকাৰে কঠোৰ সতর্কতাও জাৰি কৰে।






























