প্ৰচণ্ড শীতৰ কৱলত দিল্লী। শনিবাৰে ৰাজধানীখনৰ সৰ্বোচ্চ উষ্ণতা ১৬.৯ ডিগ্ৰী চেলছিয়াছ আছিল, যিটো স্বাভাৱিকতকৈ ৫.৩ ডিগ্ৰী কম। কেৱল হাড় কপোৱা ঠাণ্ডাই নহয়; প্ৰদূষণো এটা প্ৰধান কাৰক।
দিল্লীবাসী কাৰ্যতঃ শ্বাসৰুদ্ধকৰ পৰিস্থিতি।আনহাতে, ঘন কুঁৱলীৰ বাবে বিমান সেৱাত বাধাৰ সৃষ্টি হয়। ১২৯খন বিমান বাতিল কৰা হয়।
কুঁৱলী আৰু প্ৰদূষণৰ বাবে দেৱালীৰ পৰাই স্বাভাৱিক জীৱন ব্যাহত হৈ পৰিছে।দেওবাৰে পুৱা প্ৰায় ৬:৩০ বজাত দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) ৩৯৬, ইয়াৰ পৰা বুজা যায় যে ৰাজধানীৰ বায়ু প্ৰায় ‘ভয়াৱহ ‘ পৰ্যায়ত আছে।
এই ভয়াৱহ বতৰৰ ফলত সমগ্ৰ উত্তৰ ভাৰতত যাতায়ত আৰু দৈনন্দিন জীৱনত ব্যাপক ব্যাঘাত জন্মিছে।






























