West Karbi Anglong Situation:
পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙত অগ্নিগৰ্ভা পৰিস্থিতি ৷ খেৰণিত অনশনৰত জনতাক আৰক্ষীয়ে আটক কৰি নিয়াৰ পিছত পৰিস্থিতি উত্তেজনাময় হৈ পৰে ৷ ক্ষুব্ধ জনতাক নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰে ৷ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি পৰ্যন্ত হয় ৷ হতাহতিত তিনিজন প্ৰতিবাদকাৰী আৰু এজন আৰক্ষী জোৱান আহত হয় ৷ ইয়াৰ পিছত ধৈৰ্য্যৰ বান্ধ খুলি একাংশ ক্ষুব্ধ জনতাই খেৰণিস্থিত কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পুৰণি বাসগৃহটো জ্বলাই দিয়ে। বৰ্তমানো চেপা উত্তেজনা অব্যাহত আছে খেৰণি সহ পশ্চিম কাৰ্বি আংলঙত ৷
উল্লেখ্য যে কাৰ্বি ভূমিত অনা কাৰ্বি লোকৰ অগ্ৰাসনৰ বিৰুদ্ধে কাৰ্বি আংলং বাসীয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ । ১৫ দিন ধৰি অব্যাহত আছিল আন্দোলনৰ কে’বালানি কাৰ্যসূচী ৷ অবৈধভাৱে কাৰ্বিভূমি দখল কৰা দখলকাৰীক উচ্ছেদ কৰাৰ বাবে ৰাইজে বাৰম্বাৰ আহ্বান জনাই আহিছিল চৰকাৰক ৷ আনকি প্ৰশাসনে শীৰ্ঘেই চলাব বুলি আশ্বাস দি আহিছিল যদিও সোমবাৰে ক্ষোভৰ বহি:প্ৰকাশ ঘটে ৷ দেওবাৰে একেই দাবীত অনশন কৰি থকা তিনি আন্দোলনক নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিয়াৰ পিছতে ক্ষোভত ফাটি পৰে ৰাইজ ৷ খেৰণিৰ প্ৰতিবাদ আৰু পথ অৱৰোধে লয় ভয়ংকৰ ৰূপ। পথ অৱৰোধ কৰা প্ৰতিবাদকাৰীয়ে ৰুদ্ৰমুৰ্তি ধাৰণ কৰি খেৰণিৰ পাছত চিইএম তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টিৰ ডংকামোকামলৈ ৰাওনা হৈ ডংকামোকামস্থিত ৰংহাঙৰ পিতৃ গৃহত অগ্নি সংযোগ একাংশ জনতাৰ I
মনকৰিবলগীয়া যে দেওবাৰে নিশা তিনি অনশনকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত সোমবাৰে পুৱা চিইএম তুলিৰাম ৰংহাঙে ৰাইজক আশ্বস্ত কৰিছিল যে তিনিওকে আটক কৰা হোৱা নাই বৰং উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়া হৈছে ৷কিন্ত ৰাইজ পতিয়ন যোৱা নাছিল। বৰং ক্ষুব্ধ ৰাইজৰ অভিযোগ ৰাইজে সাব্যস্ত কৰি অহা আন্দোলনক গুৰুত্ব নিদি উলাই কৰি আহিছিল তুলিৰাম ৰংহাঙ । তেওঁলোকৰ স্পষ্ট মত আছিল তেওঁতোকৰ দাবীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে এক আলোচনা অনুষ্ঠিত হওক। এনেদৰে ১৫ দিনে ৰাইজে অব্যাহত ৰখা ধাৰাবাহিক আন্দোলনলৈ পিঠি দি থকাৰ ফলতে সোমবাৰে ক্ষুব্ধ ৰাইজৰ কোপ দৃষ্টিৰ পৰা ৰেহাই নাপালে তুলিৰাম ৰংহাঙৰ পৈত্ৰিক বাসগৃহ ৷
