Bangladeshi:✒️ইউনুছৰ সময়ত চৰম পৰ্যায়ত উপনীত হৈছে মৌলবাদ। গুৰুত্বৰ এই পৰিস্থিতিত বহুতে সুস্থ জীৱনৰ আশাত ইউৰোপলৈ পলায়ন কৰিছে।
সাগৰীয় পথেৰে অবৈধভাৱে ইউৰোপত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ৪৩৭জন বাংলাদেশীকে ধৰি মুঠ ৫৩৯জন লোকক আটক কৰিছে গ্ৰীচৰ উপকূলৰক্ষী বাহিনীয়ে। দক্ষিণ গ্ৰীচৰ গাভডোছ দ্বীপৰ উপকূলত এখন মাছ ধৰা নাওৰ পৰা তেওঁলোকক উদ্ধাৰ কৰা হয়।
গ্ৰীচ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি উদ্ধাৰ কৰা প্ৰব্ৰজনকাৰীসকলৰ অধিকাংশই বাংলাদেশী।
১৯ ডিচেম্বৰ শুকুৰবাৰে পুৱাৰ ভাগত উপকূলৰক্ষী বাহিনীয়ে আগিয়া গালিনিৰ দক্ষিণে বিপদগ্রস্ত নাওখনৰ সন্ধান পায় ।
পাছত সকলোকে উদ্ধাৰ কৰি ৰেথিম্নো চহৰৰ কিট্ৰেনোছি বিল্ডিংলৈ লৈ যোৱা হয়। তাত হেলেনিক ক’ষ্ট গাৰ্ডৰ তত্বাৱধানত তেওঁলোকৰ পঞ্জীয়ন আৰু পৰিচয় পৰীক্ষণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়।
তাত হেলেনিক ক’ষ্ট গাৰ্ডৰ তত্বাৱধানত তেওঁলোকৰ পঞ্জীয়ন আৰু পৰিচয় পৰীক্ষণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়। প্ৰশাসনিক সূত্ৰ অনুসৰি উদ্ধাৰ হোৱা প্ৰব্ৰজনকাৰীসকলৰ ভিতৰত চাৰিগৰাকী মহিলা আৰু দুটা শিশু আছে, বাকীসকল বেছিভাগেই প্ৰাপ্তবয়স্ক পুৰুষ।
ৰেথিম্নোৰ উপকূলৰক্ষীৰ মুৰব্বী কিৰিয়াকোছ পাটাকোছে জনাই যে, প্ৰশাসনৰ মূল লক্ষ্য হৈছে মানৱ সৰবৰাহৰ স’তে জড়িত চক্ৰটো চিনাক্ত কৰা আৰু উদ্ধাৰ কৰা প্ৰব্ৰজনকাৰীসকলক দ্ৰুততাৰে স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰা।
ইফালে ৰেথিম্নোৰ পৌৰসভাৰ উপ-মেয়ৰ (নাগৰিক সুৰক্ষাৰ বাবে দায়বদ্ধ) জিঅৰ্গছ স্কোৰ্ডিলিছে জনাই যে,তেওঁলোকৰ হাতত একেলগে ইমান বৃহৎ সংখ্যক প্ৰব্ৰজনকাৰীক ৰখাৰ বাবে পৰ্যাপ্ত আন্তঃগাঁথনি নাই।
কেন্দ্ৰীয় চৰকাৰৰ সৈতে সমন্বয়ৰ অভাৱৰ বাবে স্থানীয় প্ৰশাসনৰ ওপৰত অপৰিসীম হেঁচা। আলোচনাৰ অন্তত সিদ্ধান্ত লোৱা হৈছে যে সোমবাৰে ৩০০ প্ৰব্ৰজনকাৰীক আন স্থানলৈ স্থানান্তৰ কৰা হ’ব, আৰু বাকীসকলক অহা সপ্তাহত পৰ্যায়ক্ৰমে বদলি কৰা হ’ব।
উদ্ধাৰ কৰা প্ৰব্ৰজনকাৰীসকলৰ ভিতৰত বাংলাদেশীৰ উপৰিও ৪৬ জন পাকিস্তানী, ৩৪ জন ইজিপ্তীয়, ১২ জন ইৰিত্ৰিয়ান আৰু সোমালি, আৰু পাঁচজন চুডান, য়েমেন, আৰু পেলেষ্টাইনৰ নাগৰিক।






























