Delhi:✒️যেন শীত আৰু প্ৰদূষণৰ মাজত প্ৰতিযোগিতা! দিল্লীত ঠাণ্ডা তীব্ৰতৰ হোৱাৰ লগে লগে প্ৰদূষণৰ মাত্ৰাও তীব্ৰভাৱে বৃদ্ধি পাইছে। উশাহ-নিশাহ লোৱাত অসুবিধা হোৱাৰ লগতে চকু জ্বলা আৰু ৰঙা পৰাও ৰাজধানীবাসীয়ে অনুভৱ কৰা লক্ষণসমূহৰ ভিতৰত অন্যতম।
ফলত ডিচেম্বৰ-জানুৱাৰী এটা নিৰ্দিষ্ট শ্ৰেণীৰ ব্যৱসায়ীৰ বাবে লাভজনক বুলি প্ৰমাণিত হৈছে। দিল্লীৰ ফাৰ্মাচীত বৃদ্ধি পাইছে চকুৰ ড্ৰপ, মাস্ক, নেবুলাইজাৰৰ বিক্ৰী।
এই ঘটনা অৱশ্যে নতুন নহয়; প্ৰতি শীতকালত যেতিয়া প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায়, তেতিয়া দিল্লীত শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু চকুৰ বিষৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীৰ বিক্ৰী বৃদ্ধি পায়।
লুটিয়েন্সৰ দিল্লীৰ কেয়াৰ কেমিষ্টছৰ কৰ্মচাৰী সুৰেশে কয় , “যেতিয়াই প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায়, তেতিয়াই চকুৰ ড্ৰপ, নাকৰ স্প্ৰে, আৰু মাস্কৰ বিক্ৰী বৃদ্ধি পায়। সাধাৰণতে কাহৰ চিৰাপৰ বিক্ৰী আটাইতকৈ বেছি হয়, কিন্তু এইবাৰ চকুৰ ড্ৰপ আটাইতকৈ বেছি বিক্ৰী হৈছে।”
অন্য এজন বিক্ৰেতাই কয়,”আজিকালি মানুহে প্ৰতিদিনে চকুত জ্বলা-পোৰা আৰু ৰঙা পৰাৰ অভিযোগ লৈ দোকানলৈ আহে ।চকুৰ ড্ৰপ, ষ্টীম ইনহেলাৰ, আৰু নাকৰ স্প্ৰে’ৰ বিক্ৰী স্বাভাৱিকৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে।”
দিল্লী ড্ৰাগছ ট্ৰেডাৰ্ছ এছ’চিয়েশ্যনৰ সম্পাদক আশীষ দৱৰাজেও কয়, “প্ৰতি বছৰে শীতকাল আৰম্ভ হোৱাৰ লগে লগে আৰু প্ৰদূষণ বৃদ্ধি পোৱাৰ লগে লগে চকুৰ টোপাল আৰু মাস্কৰ দৰে সামগ্ৰীৰ বিক্ৰী বৃদ্ধি পায়।এই সময়ত চকুৰ বিষ আৰু অস্বস্তিৰ অভিযোগ অতি সাধাৰণ।ফলত গড়ে পোন্ধৰ শতাংশ পৰ্যন্ত বিক্ৰী বৃদ্ধি পায়।”






























