Chandmari Incident:
মহানগৰীৰ চানমাৰিত ভয়ংকৰ অঘটন ৷ ৰে’ল লাইনত ৰৈ থকা এখন তেলৰ টেঙ্কাৰৰ ওপৰেদি পাৰ হবলৈ চেষ্টা কৰিছিল এজন যুৱকে ৷ কিন্ত উচ্চ ক্ষমতাসম্পন্ন ৰে’ললাইনত বিদ্যুৎস্পৃষ্ট হৈ জীৱন্তে জ্বলি ছাই হ’ল যুৱকজন ৷ অৱশ্যে জুই লগাৰ পৰা কথমপি ৰক্ষা পৰিল তেলৰ টেংকাৰখন। শোকাৱহ ঘটনাটোৰ পিছতে চানমাৰি আৰক্ষী আৰু ৰে’ল আৰক্ষী উপস্থিত হয় পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে। জীৱন্তে জ্বলি ছাই হৈ যোৱা যুৱকজনৰ চিনাক্ত কৰিব পৰা হোৱা নাই I
