Kherani Situation Update:কাৰ্বি আংলঙৰ খেৰণিত পুনৰ উত্তপ্ত পৰিস্থিতি

আৰক্ষীলৈ শিলগুটি নিক্ষেপ প্ৰতিবাদকাৰীৰ, প্ৰতিবাদকাৰীক চত্ৰভংগ দিবলৈ শূন্যলৈ গুলীচালনা আৰু লাঠীচাৰ্জ আৰু কন্দুৱা গেছ নিক্ষেপ

WhatsApp Image 2025 12 23 at 3.37.04 PM

Kherani Situation Update:

পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ খেৰণিত পুনৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। বহিৰাগতক উচ্চেদৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰখা আন্দোলনকাৰী সকলৰে আজি মন্ত্ৰী ডা:ৰণোজ পেগুৰে হোৱা আলোচনামৰ্মে ইতিমধ্যে আন্দোলন স্থগিত ৰখাৰ বিপৰীতে পিছত আন এটা পক্ষই পৰিস্থিতি অধিক উত্তেজনাময় কৰি তোলে ৷ প্ৰতিবাদকাৰী সকলে হাতত লাঠি-জোং লৈ খেৰণি থানা আক্ৰমণৰ লক্ষ্যৰে আৰক্ষীলৈ ধাৰাষাৰশিলাবৰ্ষণ কৰে। আহত হৈছে কেইবাগৰাকীআৰক্ষী। আনকি আহত হয় কেইবাগৰাকী মহিলা আৰক্ষী। আনহাতে উত্তেজিত জনতাক চত্ৰভংগ দিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলিচালনা কৰে । ইয়াৰ পূৰ্বে প্ৰতিবাদকাৰীক ৰুধিবলৈ আৰক্ষীয়ে চলাইছে লাঠীচাৰ্জ আৰু কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷

আনহাতে আৰক্ষীৰ লাঠীচাৰ্জত আহত হয় কে’বা গৰাকী প্ৰতিবাদকাৰী ৷ বৰ্তমানেও পৰিস্থিতি উত্তেজনাময় হৈ আছে ৷ শেহতীয়া খবৰ অনুসৰি অগ্নিগৰ্ভা পৰিস্থিতি চম্ভালিবলৈ ইতিমধ্যে খেৰণিত উপস্থিত হয় অতিৰিক্ত সশস্ত্ৰ আৰক্ষী বাহিনী ৷

উল্লেখ্য যে খেৰণিত অব্যাহত থকা উত্তেজনাময় পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰিবৰ বাবে সোমবাৰে নিশা উপস্থিত হৈছিল ডিজিপি হৰমিত সিং ৷ একেদৰে মঙলবাৰে পুৱা ঘটনাস্থলীত উপস্থিত হয় শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগু৷ আন্দোলনকাৰী সকলৰ স’তে এক আলোচনাত মিলিত হয় অহা ২ জানুৱাৰীত মুখ্যমন্ত্ৰীৰে আলোচনাত বহিব বুলি মৌখিক আশ্বাসৰ পিছতে আন্দোলন স্থগিত ৰাখে ৷ইয়াৰ বিপৰীতে আন এটা পক্ষই যুদ্ধংদেহী মনোভাৱেৰে আৰক্ষীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ সংঘটিত কৰে আক্ৰমণৰ ঘটনা ৷

Exit mobile version