plane accident:✒️ বিমান দুৰ্ঘটনাত মৃত্যু লিবিয়া সেনাৰ মুৰব্বী মহম্মদ আলী আহমেদ আল হাদ্দাদৰ। মঙলবাৰে নিশা (স্থানীয় সময় অনুসৰি) তুৰস্কৰ ৰাজধানী আংকাৰাৰ সমীপত ভয়ংকৰ বিমান দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়।
তেওঁৰ লগতে লিবিয়াৰ আন চাৰিজন জ্যেষ্ঠ সামৰিক বিষয়া আৰু তিনিজন এয়াৰক্ৰুৰ সদস্যৰো মৃত্যু হয়।
তথ্য অনুসৰি লিবিয়াৰ সামৰিক বিষয়াসকলে মঙলবাৰে নিশা আংকাৰাৰ এচেনবোগা বিমানবন্দৰৰ পৰা ডাছল্ট ফেলকন ৫০ বিজনেছ জেটত লিবিয়া অভিমুখে ৰাওনা হয়।
বিমানখনে স্থানীয় সময় অনুসৰি নিশা প্ৰায় ৮:৩০ বজাত উৰা মাৰে।ইয়াৰ আধা ঘণ্টাৰ ভিতৰতে বিমানখনত যান্ত্ৰিক ত্ৰুটিৰ সৃষ্টি হয়। প্ৰায় ৮:৪০ বজাত পাইলটে নিয়ন্ত্ৰণ কক্ষলৈ বাৰ্তা প্ৰেৰণ কৰি হাইমানাৰ ওচৰত জৰুৰীকালীন অৱতৰণৰ অনুৰোধ জনায়।
তেতিয়াৰ পৰাই বিমানখনৰ স’তে সকলো যোগাযোগ বিচ্ছিন্ন হৈ গৈছে। বিমানখনো ৰাডাৰৰ পৰা অদৃশ্য হৈ পৰে।পাছত ৰাজধানীৰ পৰা প্ৰায় ৭৪ কিলোমিটাৰ দূৰত্বত বিমানখন উদ্ধাৰ হয়।
তুৰ্কী চৰকাৰে উল্লেখ কৰিছে যে শেহতীয়াকৈ লিবিয়াৰ সেনা প্ৰধানগৰাকীয়ে প্ৰতিৰক্ষা সম্পৰ্কীয় বৈঠকৰ বাবে দেশখন ভ্ৰমণ কৰিছিল।
আনুষ্ঠানিক ভ্ৰমণৰ অন্তত নিজৰ দেশলৈ উভতি অহাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয় সেনা প্ৰধানগৰাকীৰ বিমান। তেওঁলোকে লগতে জনাইছে যে দুৰ্ঘটনাটোৰ প্ৰাৰম্ভিক তদন্তত কোনো ধৰণৰ কূটনৈতিক প্ৰমাণ পোৱা নাই।






























